নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

leopard at police station : অৰণ্য নহয়, থানাত নাহৰফুটুকী

নিউজ ডেস্ক, ১ মে’ : অৰণ্য নহয়, থানাত নাহৰফুটুকী । অৰণ্যত খাদ্য নাই বন ধ্বংসৰ ফলত বিচৰণ কৰা স্থানৰ অভাৱ৷ ইয়াৰ উপৰি চিকাৰীবোৰৰ উৎপাত আছেই৷ মানুহৰ বিৰুদ্ধে বোধহয় এনে বহু অভিযোগ লৈ অৰণ্যৰ পৰা আহি থানাত হাজিৰ হ’ল নাহৰফুটুকী বাঘ৷

ইফালে থানাৰ ভিতৰত অবাঞ্ছিত এই অতিথিৰ উপস্থিতি দেখি ভয়ত থৰহৰি কম্পমান আৰক্ষীৰ দল৷ এই ঘটনা সংঘটিত হৈছে তামিলনাডুত৷ ঘটনাৰ ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷

তামিলনাডুৰ নীলগিৰি জিলাৰ নাদুভাট্টম থানাত প্রৱেশ কৰে নাহৰফুটুকী বাঘটোৱে৷ ভাইৰেল চিচি টিভিৰ ফুটেজত দেখিবলৈ পোৱা গৈছে ব্যস্ত পথেৰে আহি থানাৰ সন্মুখত উপস্থিত হৈছে বাঘটো৷ ইয়াৰ পিছতে কিছু সময় ৰৈ গুৰুগম্ভীৰ খোজেৰে থানাৰ ভিতৰলৈ সোমাই যায় বাঘটো৷

সন্মুখতে খোলা দুৱাৰ পাই একেবাৰে থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ কোঠাত উপস্থিত হয় এই অবাঞ্ছিত অতিথি৷ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় থানাত৷ আৰক্ষী কর্মীসকলৰ হাহাকাৰ আৰু চিৎকাৰৰ মাজত বেচেৰা নাহৰফুটুকীয়ে অহা বাটে উভতিবলৈ বাধ্য হয়৷ আৰক্ষীয়ে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগে বাঘটোৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে৷

You might also like