নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ দলৰ দুৰ্দশাৰ মূল কাৰণ গৌৰৱ গগৈৰ পেৰাছুট লেণ্ডিং 

🔹 শিৱসাগৰৰ ভিন্ন প্ৰান্তত পীয়ূষ হাজৰিকাৰ সভাত জনতাৰ আশাপ্ৰদ সঁহাৰি

বিশেষ বাৰ্তা, ১ এপ্ৰিল : শিৱসাগৰ জিলাত আজি মন্ত্ৰী পীয়ূষ হাজৰিকাই ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীৰ প্ৰতিখন সভাতে জনতাৰ সঁহাৰি আছিল আশাপ্ৰদ। প্ৰতিখন সভাতে ২০০০ৰ পৰা ৩০০০ জনতাই আদৰিলে মন্ত্ৰীগৰাকীক। উল্লেখ্য যে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ আজি বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকা । নাজিৰাৰ পৰা আহি হালোৱাটিঙৰ বৰুৱা আলি, হালোৱাটিং বজাৰ আৰু আমগুৰিৰ বৰবাম চাহ বাগিচাত অনুষ্ঠিত সভাত উপস্থিত থাকে মন্ত্ৰীগৰাকী। প্ৰতিকূল বতৰৰ মাজতে ভোটাৰৰ বহুল উপস্থিতিত প্ৰতিশ্ৰুতিৰ মালিতা পৰিলক্ষিত হ’ল মন্ত্ৰী হাজৰিকাৰ ভাষণত।

সভাৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। কংগ্ৰেছ দলৰ দুৰ্দশা সন্দৰ্ভত তেওঁ কয়- গৌৰৱ গগৈয়ে যদি পেৰাছুট লেণ্ডিং নকৰিলে হয়, যদি হঠাতে বিদেশৰ পৰা আহি ইয়াত ৰাজনৈতিক কুচক্ৰান্ত নকৰিলে হয়, তেতিয়া হয়তো কংগ্ৰেছ দলৰ আজিৰ এই দুৰ্দশা নহ’লহেঁতেন। কংগ্ৰেছ দলৰ এই দুৰ্দশাৰ মূল মানুহজন হৈছে গৌৰৱ গগৈ। অসমত কোনো বিৰোধী ঐক্য নাই বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি তেওঁ কয়- শিৱসাগৰ সমষ্টিত বিজেপিয়ে লীড ল’ব । গৌৰৱ গগৈৰ লগত Campaign কৰাসকলেই বিজেপিত যোগদান কৰি আছে আৰু কৰিব । কংগ্ৰেছে কাৰো লগত সমন্বয় নাৰাখে । বিৰোধীৰ কোনো ঐক্যমঞ্চ নাই ।

You might also like