নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিহাৰ কাৰাগাৰৰ ২নং কুঠৰীৰ আলহী হ’ল কেজৰিৱাল

🔹 ১৫ এপ্রিললৈ ন্যায়িক জিম্মাত মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

🔹 ২৪ ঘণ্টাই চিচি টিভিৰ নিৰীক্ষণত থাকিব মুখ্যমন্ত্রীগৰাকী

বিশেষ বাৰ্তা, ১ এপ্রিল : ১৫ এপ্রিললৈ ন্যায়িক জিম্মাত থাকিব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল৷ দিল্লীৰ আবকাৰী নীতি কেলেংকাৰি সন্দর্ভত পিএমএলএ গোচৰত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে গ্রেপ্তাৰ কৰা মুখ্যমন্ত্রী কেজৰিৱালৰ আজি ন্যায়িক জিম্মাৰ ম্যাদ সামৰণিৰ সময়ত দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টত হাজিৰ কৰোৱাৰ পাছত মুখ্যমন্ত্রী কেজৰিৱালক ১৪ দিনৰ জিম্মালৈ প্রেৰণ কৰে আদালতে৷ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই ইডিয়ে ১৫ দিনৰ ন্যায়িক জিম্মাত বিচাৰিছিল যদিও ন্যায়াধীশগৰাকীয়ে মুখ্যমন্ত্রীগৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়ে৷ ইডিৰ জেৰাৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে অকণো সহযোগ কৰা নাই বুলি আদালতৰ মজিয়াত যুক্তি প্রদর্শন কৰি তদন্তৰ বাবে মুখ্যমন্ত্রীগৰাকীক ১৫ দিনৰ ন্যায়িক জিম্মাত বিচাৰে৷ ১৫ এপ্রিললৈ ন্যায়িক জিম্মালৈ প্রেৰণ কৰা মুখ্যমন্ত্রী কেজৰিৱালক আজিয়েই তিহাৰ কাৰাগাৰলৈ লৈ যোৱা হয়৷ তিহাৰ কাৰাগাৰৰ ২নং কুঠৰীৰ আলহী হ’ব মুখ্যমন্ত্রী কেজৰিৱাল৷ এই কাৰাগাৰত থকা সময়ছোৱাত মুখ্যমন্ত্রী কেজৰিৱালক ২৪ ঘণ্টাই চিচি টিভিৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হ’ব৷ আজি আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰাৰ পাছত তিহাৰ কাৰাগাৰৰ আলহী হোৱা মুখ্যমন্ত্রী কেজৰিৱালৰ পূর্বে আপৰ তিনিগৰাকী নেতা ইতিমধ্যে তিহাৰ কাৰাগাৰত বন্দী হৈ আছে৷ আবকাৰী নীতি কেলেংকাৰিত প্রাক্তন উপ–মুখ্যমন্ত্রী মনীষ ছিছোদিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ লগতে আন এক গোচৰত প্রাক্তন স্বাস্থ্যমন্ত্রী সত্যেন্দৰ জৈনো তিহাৰ কাৰাগাৰতে বন্দী হৈ আছে৷ কেজৰিৱালক লৈ মুঠ ৪গৰাকী আপৰ নেতা সম্প্রতি তিহাৰ কাৰাগাৰৰ আলহী৷ কাৰাগাৰত মুখ্যমন্ত্রীগৰাকীয়ে পুৱা সাৰ পাই উঠাৰ পাছত ৬.৩০ বজাৰ ভিতৰত চাহ আৰু কেইখনমান ৰুটী পুৱাৰ আহাৰৰ বাবে লাভ কৰিব৷ ১০.৩০–১১ বজাৰ ভিতৰত দুপৰীয়াৰ আহাৰত দাইল, তৰকাৰী আৰু পাঁচখন ৰুটী অথবা ভাত যোগান ধৰা হ’ব৷ বিয়লি ৩ বজাৰ পৰা কাৰাবন্দীক কোঠাৰ ভিতৰত বন্দী কৰি ৰখা হয়৷ ৩.৩০ বজাত একাপ চাহ আৰু দুখন বিস্কুট খাব পাৰিব৷ ৪ বজাত কাৰাবন্দীৰ অধিবক্তাই সাক্ষাৎ কৰিব পাৰিব৷ কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে টেলিভিছনৰ দর্শক হ’ব পাৰিব৷ বাতৰিৰ পৰা বিনোদনলৈকে ১৮–২০টা চেনেল চাব পাৰিব৷ কাৰাবাসত থকা সময়ত মধুমেহ ৰোগী কেজৰিৱালক ২৪ ঘণ্টাই বা নিয়মীয়াকৈ চিকিৎসকে পৰীক্ষা কৰি থাকিব৷ মুখ্যমন্ত্রীগৰাকীৰ অধিবক্তাই আদালতত কেজৰিৱালৰ বাবে ৰামায়ণ, শ্রীমদ্ভাগৱত গীতা আৰু হাও প্রাইম মিনিষ্টাৰ ডিচাইড গ্রন্থখন অধ্যয়নৰ বাবে অনুমতি বিচাৰিছে৷ ইপিনে, কাৰাগাৰত বন্দী হৈ থকাৰ পাছতো মুখ্যমন্ত্রী কেজৰিৱালে চৰকাৰ চলাই থাকিব বুলি আপে প্রকাশ কৰিছে৷ মুখ্যমন্ত্রী পদৰ পৰা কেজৰিৱালে পদত্যাগ নকৰে আৰু কাৰাগাৰৰ পৰাই চৰকাৰ চলাই থাকিব বুলি আজি আপ চৰকাৰৰ মন্ত্রীয়ে ঘোষণা কৰিছে৷ উল্লেখ্য যে দিল্লী আবকাৰী নীতি কেলেংকাৰি সন্দর্ভত ২১ মার্চৰ নিশা বাসগৃহৰ পৰা মুখ্যমন্ত্রী কেজৰিৱালক ইডিয়ে গ্রেপ্তাৰ কৰিছিল৷ ২২ মার্চত দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টত হাজিৰ কৰাৰ পাছত ২৮ মার্চলৈ ইডিৰ জিম্মালৈ প্রেৰণ কৰে আদালতে৷ পৰৱর্তী সময়ত পুনৰ আদালতে কেজৰিৱালক ১ এপ্রিললৈ ইডিৰ জিম্মাত দিয়ে৷ আজি ইডিৰ জিম্মাৰ ম্যাদ অন্ত পৰাত আদালতে ১৫ এপ্রিললৈ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

You might also like