নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱর্তনৰ সজাগতাত সংবাদ মাধ্যমৰ সিংহভাগ ভূমিকা আছে

🔹 গুৱাহাটী বিশ্ববিদ্যালয়ত সম্পাদকৰ বৈঠকত নৰেশ কলিতা

বিশেষ বাৰ্তা, ১ মাৰ্চ : বিশ্বজুৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে জলবায়ু পৰিৱর্তন৷ বিশ্ব সংকটৰ এই গুৰুত্বক উপলব্ধি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা পৰিৱেশ বিজ্ঞান বিভাগ আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ সহযোগত কালি বিশ্ববিদ্যালয় চৌহদত সম্পাদকসকলৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত জলবায়ু পৰিৱর্তন আৰু সংবাদ মাধ্যমৰ ভূমিকা শীর্ষক বিষয়ক লৈ দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণ আৰু বিশ্ববিদ্যালয় কর্তৃপক্ষই উপস্থিত ছপা, বৈদ্যুতিন, ডিজিটেল সংবাদ মাধ্যমৰ সম্পাদকসকলৰ বিভিন্ন পৰামর্শ গ্রহণ কৰে৷ বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড০ চন্দন কুমাৰ গোস্বামীয়ে অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে৷ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ননীগোপাল মহন্তই অনুষ্ঠানটোত অংশ লৈ কয় যে জলবায়ু পৰিৱর্তন এতিয়া এটা বিদ্যায়তনিক বিষয় হৈ থকা নাই৷ বিভিন্ন দেশে জলবায়ু পৰিৱর্তনক লৈ উদ্বেগ প্রকাশ কৰিছে৷ এটা উদ্বেগজনক পৰিৱেশ আহিছে৷ এইক্ষেত্রত সংবাদ মাধ্যমৰ লগতে বিশ্ববিদ্যালয় কর্তৃপক্ষৰ তৰফৰ পৰা লোৱা বিভিন্ন পদক্ষেপ সন্দর্ভত তেওঁ অৱগত কৰে৷ জলবায়ু পৰিৱর্তনক লৈ এটা চার্টিফিকেট পাঠ্যক্রম শীঘ্রেই দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ সহযোগত আৰম্ভ কৰাৰো কথা উপাচার্য ড০ মহন্তই অনুষ্ঠানটোত সদৰী কৰে৷ অনুষ্ঠানটোত অংশ লৈ ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই কয় যে জলবায়ু পৰিৱর্তনৰ বিষয়ে সজাগতা অনাৰ ক্ষেত্রত সংবাদ মাধ্যমৰ সিংহভাগ ভূমিকা আছিল৷ ৰাইজৰ মাজত সজাগ–সচেতন মন এটা আগৰে পৰাই আছে৷ ৰাইজ সজাগ হৈছে৷ বিশেষকৈ গ্রামাঞ্চলৰ ৰাইজক বৃক্ষৰোপণৰ কথা কেতিয়াও ক’বলগীয়া নহয়৷ জলবায়ু পৰিৱর্তনৰ এই সজাগতাক ভৱিষ্যতে আগুৱাই নিব লাগিব৷ ৰাইজৰ লগতে শিক্ষার্থী সমাজকো এইক্ষেত্রত জড়িত কৰিব লাগিব৷ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ উৎপল শর্মাই জলবায়ু পৰিৱর্তন এতিয়া এক ডাঙৰ প্রত্যাহ্বান হৈ পৰিছে বুলি কয়৷ সমাজক বিভিন্ন ক্ষেত্রত সাংবাদিকসকলে চুই যাব পাৰে৷ জলবায়ু পৰিৱর্তনৰ সজাগতাৰ ক্ষেত্রতো সাংবাদিকসকলৰ যথেষ্ট গুৰুত্ব আছে বুলি তেওঁ লগতে কয়৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ অতিৰিক্ত মুখ্য কার্যবাহী বিষয়া মীনাক্ষি দাস নাথে মূল ভাষণ প্রদান কৰি কয় যে সাধাৰণ মানুহে মূল বিষয়সমূহ বহুক্ষেত্রত অৱজ্ঞা কৰি আহিছে৷ জলবায়ু পৰিৱর্তনৰ ফলত সৃষ্টি হ’ব পৰা বিভিন্ন সমস্যা সন্দর্ভত ৰাইজৰ সজাগতা বৃদ্ধি কৰাৰ বাবে আমি চেষ্টা চলাই আহিছোঁ৷ বিভিন্ন মাধ্যমৰ যোগেদি ৰাইজক সজাগ কৰাৰ চেষ্টা আমি কৰিছোঁ৷ বিষয়াগৰাকীয়ে বৈঠকত অংশ লোৱা বিভিন্ন সংবাদ মাধ্যমৰ সম্পাদকসকলৰ পৰাও জলবায়ু পৰিৱর্তনৰ ফলত হ’ব পৰা সমস্যাসমূহ সমাধানৰ ক্ষেত্রত বিভিন্ন পৰামর্শ বিচাৰে৷ অনুষ্ঠানটোৰ সমন্বয়ক তথা যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপিকা ড০ ভাৰতী ভৰালীয়ে জলবায়ু পৰিৱর্তনৰ দৰে সংবেদনশীল বিষয়ৰ ক্ষেত্রত কিদৰে জনগণৰ মাজত সজাগতা আনিব পাৰি আৰু এই সন্দর্ভত বিশ্ববিদ্যালয়ৰ যোগাযোগ সাংবাদিকতা বিভাগে কিদৰে ব্যৱস্থা ল’ব, তাৰ বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানটোত অংশ লৈ অসমীয়া খবৰ কাকতৰ সম্পাদক বিশ্বজিৎ দাস, আছাম ট্রিবিউনৰ কার্যবাহী সম্পাদক ৰামানুজ দত্ত চৌধুৰী, দৈনিক পূর্বোদয়ৰ সম্পাদক ৰবিশংকৰ ৰবি, প্রতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, নেজাইন ডট কমৰ সম্পাদক ৰত্না ভৰালী তালুকদাৰ, গুৱাহাটী দূৰদর্শনৰ জ্যেষ্ঠ সাংবাদিক শান্তনু ৰৌমূৰীয়াকে প্রমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে জলবায়ু পৰিৱর্তনৰ সজাগতা সন্দর্ভত নিজৰ মন্তব্য আগবঢ়ায়৷

You might also like