নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰকুছিত ‘টিফিন বৈঠক’ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নিয়মীয়া বাৰ্তা, ১৭ জুলাই : দেশৰ প্ৰধানমন্ত্ৰী তথা বিশ্ব নেতা নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত নৱম বৰ্ষপূৰ্তি উপলক্ষে সুশাসন আৰু জনগণৰ বাবে গ্ৰহণ কৰা কল্যাণকামী আঁচনিসমুহ জনসাধাৰণক অৱগত কৰিবলৈ সমগ্ৰ দেশত ভাৰতীয় জনতা পাৰ্টীয়ে মহাজনসম্পৰ্ক চলাই থকাৰ মাজতে দলীয় কাৰ্যকৰ্তাৰ মাজত “টিফিন বৈঠক” অনুষ্ঠিত কৰি কৰ্মীসকলক উদ্বুদ্ধ কৰা পৰিলক্ষিত হৈছে। এই উপলক্ষে টিফিন বৈঠক পাতি নলবাৰী সমষ্টিত কোনোধৰণৰ ৰাজনীতিৰ কথা নাপাতি কেৱল দলীয় কাৰ্যকৰ্তাসকলৰ পৰিয়ালৰ ব্যক্তিগতভাৱে খা-খবৰ লয় নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কালি সমষ্টিটোৰ অন্তৰ্গত সাগৰকুছিত দিনৰ ১১ বজাৰ পৰা আবেলি ৩ বজালৈ মন্ত্ৰী বৰুৱাই সকলো চৰকাৰী কাম-কাজ বাদ দি দলীয় কাৰ্যকৰ্তাসকলৰে ৪ ঘন্টা মত বিনিময় কৰা কাৰ্যত বিজেপি দলৰ কাৰ্যকৰ্তাসকলে আনন্দ প্ৰকাশ কৰে। বড়িগোগ বনভাগ মণ্ডল সমিতিৰ উদ্যোগত খাতকুছি পঞ্চায়তৰ অন্তৰ্গত সাগৰকুছিস্হিত শ্ৰীমন্ত শংকৰদেৱ প্ৰকল্প প্ৰাংগণত অনুষ্ঠিত “টিফিন বৈঠক”খনৰ আঁত ধৰে মণ্ডল সমিতিৰ সম্পাদক মনোজ ডেকাই। প্ৰতিজন দলীয় কাৰ্যকৰ্তাই নিজৰ ঘৰৰ পৰা নিয়া টিফিন আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘৰৰ পৰা অনা টিফিনৰ বিভিন্ন খাদ্য সামগ্ৰী মিলাই লৈ অতি আনন্দ মনে গ্ৰহণ কৰা পৰিলক্ষিত হয়। টিফিন বৈঠকত মন্ত্ৰী বৰুৱাৰ সৈতে উপস্থিত থাকে মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সম্পাদক বিজয় বৰ্মন, শ্যামন্ত শৰ্মা, বুবুল দাস, জিলা পৰিষদৰ সদস্য পংকজ ডেকা, বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ আদি। 
প্ৰেৰক বীৰেন কলিতা
You might also like