নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ কেন্দ্র–ৰাজ্য চৰকাৰৰে বহুপ্রত্যাশিত শান্তি চুক্তি

🔹 নতুন দিল্লীত উপস্থিত আলফাৰ ১৬জনীয়া প্রতিনিধি দল
🔹 নর্থ ব্লকত উপস্থিত থাকিব গৃহমন্ত্রী অমিত শ্বাহ–মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ডিচেম্বৰ : দীঘলীয়া সশস্ত্র আন্দোলনৰ পিছত আৰম্ভ হোৱা শান্তি আলোচনাৰ অন্তত ২৯ ডিচেম্বৰত আলফাৰে স্বাক্ষৰ হ’ব বহুপ্রত্যাশিত ত্রিপাক্ষিক শান্তি চুক্তি৷ দিল্লীৰ কেন্দ্রীয় গৃহ মন্ত্রালয়ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু আলোচনাপন্থী আলফাৰ শীর্ষ নেতৃত্বৰ উপস্থিতিত ত্রিপাক্ষিক চুক্তিখন স্বাক্ষৰ হ’ব৷ ইতিমধ্যে আলোচনা কালত আলফাই উত্থাপন কৰা দাবীসমূহ অন্তর্ভুক্ত কৰি চুক্তিৰ খচৰা চূড়ান্ত কৰা হৈছে৷ চুক্তিত স্বাক্ষৰ হোৱাৰ পূর্বে আলফাৰ দুই শীর্ষ নেতা অনুপ চেতিয়া আৰু শশধৰ চৌধুৰী মধ্যস্থতাকাৰী এ কে মিশ্রৰ সৈতে মাৰাথন বৈঠকত মিলিত হৈছে৷ কালি চুক্তি সন্দর্ভত সংবাদ মাধ্যমৰ সন্মুখত প্রতিক্রিয়া প্রকাশ কৰি আলফাৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয় যে চৰকাৰ আৰু আলফা দুয়োপক্ষই কিছু এৰাধৰা কৰিহে শান্তি চুক্তিখন চূড়ান্ত কৰা হৈছে৷ চৰকাৰে নিজাববীয়াকৈ সাজু কৰা খচৰাখনত আলফাই বিচৰা ধৰণে আন কিছু বিষয় সংযোজন কৰা হৈছে৷ লগতে দুয়োপক্ষই কিছু ত্যাগ স্বীকাৰ কৰা বুলিও চেতিয়াই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ তেওঁ সদৰী কৰা অনুসৰি, ২৯ ডিচেম্বৰত নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্রালয়ত ত্রিপাক্ষিক চুক্তিখন স্বাক্ষৰ হ’ব৷ এই ঐতিহাসিক শান্তি চুক্তিৰ সাক্ষী হ’বলৈ আলফাই ৰাজ্যৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ১৪জন বিশিষ্ট ব্যক্তিক আমন্ত্রণ জনাইছে৷ আনহাতে, শান্তি চুক্তি স্বাক্ষৰ হ’বলগীয়া অনুষ্ঠানত অংশগ্রহণ কৰাৰ উদ্দেশ্যে কালি দিল্লীত ১৬জনীয়া আলফাৰ দল এটা উপস্থিত হৈছে৷ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, উপ–সেনাধ্যক্ষ ৰাজু বৰুৱাকে ধৰি কেইবাগৰাকীও শীর্ষ নেতা দলটোত অন্তর্ভুক্ত হৈ আছে৷ দিল্লীলৈ ৰাওনা হোৱাৰ পূর্বে কালি গুৱাহাটী বিমানবন্দৰত শান্তি চুক্তি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি সভাপতি অৰবিন্দ ৰাজখোৱাই কয় যে চুক্তিৰ পূর্বে জাতিৰ অস্তিত্বৰ বিষয়ে আলোচনা কৰা হৈছে৷ চুক্তিক লৈ এশ শতাংশই আশাবাদী বুলি মন্তব্য কৰি তেওঁ কয়- ‘আলোচনা শেষ মুহূর্তত আহি উপস্থিত হৈছে৷ শেষ কামৰ উদ্দেশ্যৰে আমি দিল্লীলৈ ৰাওনা হৈছোঁ৷ চুক্তিক লৈ আমি এশ শতাংশই আশাবাদী৷ নিশ্চিত নহ’লে আমি কেতিয়াও চুক্তি কৰিবলৈ নগ’লোঁহেঁতেন৷ ভূমি, ৰাজনৈতিক অধিকাৰ আদিক লৈ চুক্তি স্বাক্ষৰ হ’ব৷’ ইফালে, দিল্লীত বাহৰ পাতি অনুপ চেতিয়া আৰু শশধৰ চৌধুৰীয়ে আন নেতাসকলক এলাগী কৰি আলোচনা আগবঢ়াই নিয়া বুলি চলা চর্চা সন্দর্ভতো তেওঁ প্রতিক্রিয়া প্রকাশ কৰে৷ এয়া ভুল তথ্য বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া এক টীম ৱর্ক৷ সকলো একেলগে দিল্লীলৈ যোৱাৰ কোনো প্রয়োজন নাছিল৷ জাতিটোৰ বাবে শান্তিৰ প্রয়োজন আছে, জাতিটোৰ বাবে অধিকাৰ আঁজুৰি আনিব লাগিব৷ এই চুক্তিৰ পৰা অসমবাসী উপকৃত হ’ব৷ আনহাতে, আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এই আলোচনাক কিদৰে গ্রহণ কৰিব বুলি সোধা প্রশ্ণৰ উত্তৰত ৰাজখোৱাই কয় যে পৰেশ বৰুৱাই নিজৰ সিদ্ধান্ত গ্রহণ কৰিব৷ শান্তি চুক্তিৰ বাবে দিল্লীলৈ ৰাওনা হোৱা আলফাৰ উপ–সেনাধ্যক্ষ ৰাজু বৰুৱাই কয় যে সামগ্রিক উন্নয়নকে ধৰি সামাজিক, ৰাজনৈতিক সকলোধৰণৰ বিষয় চুক্তিত অন্তর্ভুক্ত হৈ আছে৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰে চুক্তিৰ দফাসমূহ সফলভাৱে ৰূপায়ণ কৰিলে অসমবাসী উপকৃত হ’ব৷ আলফাই অনুষ্ঠিত কৰা অভিৱর্তনৰ ভিত্তিতে সমস্যা সমাধানৰ চেষ্টা কৰা হৈছে৷ অভিৱর্তনৰ মতামতক ভিত্তি কৰিয়েই দাবীপত্র প্রস্তুত কৰা হৈছে৷ আন এজন শীর্ষ নেতা মৃণাল হাজৰিকাই কয় যে তেওঁলোকৰ জাতিৰ প্রতি দায়িত্ব আছিল আৰু সেই দায়িত্ব পালন কৰিবলৈ ওলাই আহিছে৷ উল্লেখ্য যে ১৯৭৯ চনত শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত গঠন হোৱা আলফাক ১৯৯০ চনত নিষিদ্ধঘোষিত কৰা হৈছিল৷ স্বাধীন অসমৰ সপোনেৰে আলফাই চলাই গৈছিল সশস্ত্র সংগ্রাম৷ দীঘলীয়া এই সংগ্রামৰ মাজতে ২০১১ চনত আলফা দুভাগত বিভক্ত হয়৷ সভাপতি অৰবিন্দ ৰাজখোৱা অসমলৈ উভতি আহি শান্তি আলোচনাত অংশগ্রহণ কৰাৰ বিপৰীতে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা)ই এতিয়াও সশস্ত্র সংগ্রাম অব্যাহত ৰাখিছে৷ ২০১১ চনৰ পৰা আৰম্ভ হোৱা শান্তি আলোচনাৰ অন্তত আলফাই ১২ দফীয়া দাবী কেন্দ্রৰ ওচৰত উত্থাপন কৰিছিল৷ যাৰ ভিত্তিত শান্তি চুক্তিৰ এখন খচৰা প্রস্তুত কৰি যোৱা অক্টোবৰতে আলোচনাপন্থী আলফাক প্রদান কৰা হৈছিল৷ কিন্তু আলফাৰ মূল যি দুই দাবী খিলঞ্জীয়াৰ ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে৷ যাৰ বাবে আলোচনাপন্থী আলফাই শান্তি চুক্তিৰ খচৰাখন খাৰিজ কৰে৷ পৰৱর্তী সময়ত খচৰাক লৈ পুনৰ আলোচনা আৰম্ভ হয়৷ এই দীর্ঘদিনীয়া আলোচনাৰ অন্তত বহুপ্রত্যাশিত শান্তি চুক্তিখন স্বাক্ষৰ কৰাৰ দিন ধার্য কৰা হৈছে৷ কিন্তু এই চুক্তিয়ে অসমবাসীৰ আশা কিমানদূৰ পূৰণ কৰিব পাৰিব, সেয়া লক্ষণীয় হ’ব৷

You might also like