নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যাৰ পিছত বৰাগাঁৱৰ বনজিৎ দাসৰো হাস্পতালত মৃত্যু

🔹 মহানগৰীৰ লোমহর্ষক কাণ্ডক লৈ ৰহস্য

বিশেষ বাৰ্তা, ২৮ ডিচেম্বৰ : আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰি, ডকাইতি, হত্যাকে ধৰি নানা অপৰাধমূলক ঘটনা৷ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই কালি দিন–দুপৰতে বৰাগাঁৱত পুনৰ দুর্বৃত্তই সংঘটিত কৰে লোমহর্ষক হত্যাকাণ্ড ৷ বৰাগাঁৱৰ বাসগৃহত দুর্বৃত্তই প্রৱেশ কৰি পিতৃ–কন্যাক দাৰে উপর্যুপৰি ঘপিয়াই নির্বিঘ্নে আঁতৰি যায়৷ দুর্বৃত্তৰ আক্রমণৰ বলি হৈ বৰাগাঁৱৰ বাসিন্দা বনজিৎ দাসৰ কন্যা দিদীক্ষা দাস নিহত হয়৷ ইফালে, সংকটজনক অৱস্থাত এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হোৱা বনজিত দাসৰো আজি মৃত্যু হয় ৷ উল্লেখ্য যে কালি সন্ধিয়া প্রায় ৬.৩০ বজাত লোমহর্ষক ঘটনাটো পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ মহানগৰ আৰক্ষীৰ এটা শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, বৰাগাঁৱৰ বাসগৃহত বনজিত দাসে পত্নী–কন্যাৰ সৈতে বসবাস কৰিছিল৷ দাসৰ পত্নী নগাঁৱৰ মাতৃগৃহলৈ গৈছিল৷ বৰাগাঁৱৰ বাসগৃহটোত সপ্তম শ্রেণীত অধ্যয়নৰত কন্যাৰ সৈতে আছিল পিতৃ৷ কালি মাতৃয়ে কন্যা দিদীক্ষা আৰু স্বামীক বহুবাৰ ফোন কৰিছিল৷ কিন্তু ফোন ৰিচিভ কৰা নাছিল স্বামী আৰু কন্যাই৷ ফোনত কোনো সঁহাৰি নোপোৱাত অৱশেষত দিদীক্ষাৰ মাতৃয়ে প্রতিবেশীলৈ ফোন কৰি খবৰ ল’বলৈ কয়৷ প্রতিবেশীয়ে বনজিত দাসৰ ঘৰত প্রৱেশ কৰি তেজে তুমৰলি হৈ মজিয়াত পৰি থকা অৱস্থাত পিতৃক আৰু বিছনাৰ ওপৰত কন্যাক প্রত্যক্ষ কৰি চিঞৰ–বাখৰ কৰে৷ ঘটনাস্থলীত স্থানীয় লোকসকলে উপস্থিত হৈ গড়চুক আৰক্ষীক খবৰ দিয়াৰ লগতে ততাতৈয়াকৈ দুয়োকে এক্সেল কেয়াৰ হাস্পতালত ভর্তি কৰায়৷ চিকিৎসকে দিদীক্ষাক মৃত বুলি ঘোষণা কৰে ৷ পিছত সংকটজনক অৱস্থাত এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা বনজিত দাসৰো আজি মৃত্যু হয়  ৷ পশ্চিম আৰক্ষী জিলাৰ ডিচিপি পদ্মনাভ বৰুৱাসহ উচ্চপদস্থ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তন্ন তন্নকৈ পৰীক্ষা কৰে৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন দা উদ্ধাৰ কৰে৷ দুর্বৃত্তই এই নৃশংস কাণ্ড সংঘটিত কৰি মজিয়াত পৰি থকা তেজৰ চেকুৰা মচিবলৈ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ এই ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো তথ্য প্রকাশ কৰা নাই যদিও শীঘ্রে দুর্বৃত্তক কৰায়ত্ত কৰিব বুলি জানিবলৈ দিছে৷

You might also like