🔹 প্রকৃত সাংবাদিকৰ লগত আমাৰ কোনো বিৰোধ নাই
বিশেষ বাৰ্তা, ৩০ মার্চ : অসমৰ ইছলামধর্মী সমাজে বিজেপিক বুজি পাইছে৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ বাবে দুধনৈ আৰু বকোত দুখনকৈ সভাত নির্বাচনী প্রচাৰ চলাই সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰি কয়- চামগুৰি বিধানসভাৰ উপ–নির্বাচনেই এই কথা প্রতীয়মান কৰিছে৷ ইছলামধর্মী সমাজে বুজি পাইছে যে বিজেপিয়ে ভালৰ লগত ভালেই থাকিব৷ ভুৱা সাংবাদিক, ড্রাগ্ছ বেপাৰী, মাটি দখল কৰা, লাভ জেহাদ কৰাসকলৰ লগতহে আমাৰ অসুবিধা৷ তাৰ বাহিৰে সকলো সমান৷ সকলোৱে অৰুণোদয়, মহিলা উদ্যমিতা, নিযুত মইনাৰ সুবিধা লাভ কৰিছে৷ বর্তমানৰ শাসনাধিষ্ঠিত বিজেপি দলে সমালোচনাৰ মাজতো কাম কৰি গৈ আছে৷ থমকি ৰোৱা নাই বা হাৰ মানি যোৱা নাই৷ জাতি–মাটি–ভেটিৰ সুৰক্ষাৰ বাবে আমি কাম কৰি গৈছোঁ৷ বিজেপি চৰকাৰ বেয়াৰ লগত নাই৷ সকলোৱে বুজি পাইছে যে বিজেপিয়ে ভালৰ লগত ভালেই থাকিব৷ ভালৰ লগত কোনো অসুবিধা নাই৷ অৰুণোদয় আঁচনি সকলোৱে পোৱা নাই বুলি অখিল গগৈয়ে কৰা মন্তব্য সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অখিল গগৈক ধন্যবাদ জনাইছোঁ৷ কাৰণ অখিল গগৈয়ে অৰুণোদয় আঁচনিখনক সমর্থন কৰিছে৷ যদি কোনোবা দুখীয়া মানুহে আঁচনি পোৱা নাই, তালিকাখন জিলা আয়ুক্তক দিলেই হ’ব৷ সেয়াও সমাধান হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে সাংবাদিকতা পৱিত্র বৃত্তি৷ ইয়াৰ লগত আন বিষয় মিহলি হৈ যাব নালাগে৷ প্রকৃত সাংবাদিকতাৰ লগত মোৰ কোনো বিৰোধ নাই৷ মোৰ বিৰুদ্ধে ২০০১ চনত মন্ত্রী হোৱাৰ দিনৰে পৰাই সাংবাদিকে লিখি আছে৷ মোৰ বিৰুদ্ধে লিখা সাংবাদিকৰ ঘৰতো মই যাওঁ৷ বেমাৰ–আজাৰ হ’লে তেওঁলোকৰ লগত থাকোঁ৷ ঘৰত বিপদ হ’লেও তেওঁলোকৰ লগত থাকোঁ৷ সাংবাদিকতাৰ বাহিৰত সাংবাদিকে কাম কৰিলে আইনৰ কথা আহিবই৷ মই মুখ্যমন্ত্রী হৈ মাটি দখল কৰিলে মোকো গ্রেপ্তাৰ কৰিব৷ আইন সকলোৰে বাবে সমান৷ দায়িত্বসহকাৰে সকলো সাংবাদিকে নিজৰ দায়িত্ব পালন কৰিব লাগে৷ আনহাতে, কালি দুধনৈত মুখ্যমন্ত্রীৰ নির্বাচনী সভাৰ মাজতে সভালৈ অহা এগৰাকী নাবালিকা মূৰ ঘূৰাই পৰি যোৱাত মুখ্যমন্ত্রী ড০ শর্মাই জিলা আৰক্ষী অধীক্ষকক তেওঁৰ গাড়ীৰে নাবালিকাগৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰি এক মহানুভৱতাৰ পৰিচয় দিয়ে৷