নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি নাম ঘোষণা হ’ব নতুন আঞ্চলিক দলৰ

প্রাগ কণ্টিনেণ্টেল হোটেলত দিনজোৰা বৈঠক

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাধী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত এটা নতুন আঞ্চলিক ৰাজনৈতিক দল ভূমিষ্ঠ হোৱাৰ প্রস্তুতি চূড়ান্ত হৈ উঠিছে৷ আজি দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব নতুন দলটোৰ নাম আৰু পূর্ণাংগ আহ্বায়ক সমিতি৷

‘অসম প্রথম, সদায় আৰু চিৰদিন’ –এই শ্লোগানক মূলমন্ত্র কৰি গঠন হ’বলগীয়া দলটোৰ জন্মৰ প্রাক্মুহূর্তত কালি মহানগৰীৰ ‘হোটেল প্রাগ কণ্টিনেণ্টেল’ত অনুষ্ঠিত হয় এলানি মাৰাথন বৈঠক৷ প্রস্তাৱিত দলটোৰ মুখ্য আহ্বায়কদ্বয় বসন্ত ডেকা আৰু কৃষ্ণগোপাল ভট্টাচার্যৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকখনত বিভিন্ন দল–সংগঠনৰ প্রতিনিধিৰ লগতে আহ্বায়ক সমিতিত থাকিবলগীয়া একাংশ সদস্যয়ো অংশগ্রহণ কৰে৷ মূলতঃ প্রস্তাৱিত দলটোৰ সংবিধানৰ খচৰা আৰু সংগঠন সন্দর্ভত আজিৰ বৈঠকত আলোচনা হয়৷ তদুপৰি অসমৰ সকলো জনজাতি–জনগোষ্ঠীক সামৰি পূর্ণাংগ আহ্বায়ক সমিতি গঠনৰ ওপৰতো বৈঠকখনত গুৰুত্ব প্রদান কৰা হয়৷

লক্ষণীয়ভাৱে হোটেল প্রাক কণ্টিনেণ্টেলত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ো উপস্থিত আছিল যদিও তেওঁলোকে প্রস্তাৱিত দলটোৰ বৈঠকত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকে৷ সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ ৰাখিবৰ বাবেই তেওঁলোক ৰাজনৈতিক দলৰ আহ্বায়ক সমিতিৰ বৈঠকত উপস্থিত নাথাকিল বুলি জানিবলৈ দিছে৷ তাৰ মাজতে মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচার্যই মন্তব্য কৰে যে সংগঠনটো কেনেকৈ গঢ়া হ’ব, সংবিধানৰ খচৰা কিদৰে প্রস্তুত কৰা হ’ব, সেই বিষয়ে আলোচনা কৰা হ’ল৷

 

ইফালে আজি ঘোষণা কৰিবলগীয়া আহ্বায়ক সমিতিত আছু আৰু যুৱ–ছাত্র পৰিষদৰ একাংশ নেতাৰ লগতে জাতীয়তাবাদী শিবিৰৰ কেইবাজনো ব্যক্তি থকাটো নিশ্চিত হৈছে৷ বসন্ত ডেকা আৰু কৃষ্ণগোপাল ভট্টাচার্য মুখ্য আহ্বায়ক হিচাপে থকাৰ উপৰি সমিতিখনত আছুৰ প্রাক্তন মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, উপ–সভাপতি চিত্ত বসুমতাৰী, প্রাক্তন মন্ত্রী জগদীশ ভূঞা, চুতীয়া জাতি সন্মিলনীৰ হৰেন চুতীয়া, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ প্রাক্তন উপ–সভাপতি দীপক হাজৰিকা, প্রাক্তন যুটীয়া সম্পাদক বিশ্বজিৎ টিপমীয়া, হাইলাকান্দি জিলা সমিতিৰ প্রাক্তন সম্পাদক মফজুল হুছেইন বৰভূঞা, ডিব্রুগড় জিলা সমিতিৰ উপদেষ্টা চন্দন সন্দিকৈ, পলাশ ৰঞ্জন বৰুৱা, জাতীয়তাবাদী শিবিৰৰ প্রবক্তা অদীপ কুমাৰ ফুকন, বীৰেশ্বৰ মেধি, অধিবক্তা জান বৰা আদি থকাটো নিশ্চিত৷ মহিলা প্রতিনিধি হিচাপে এই সমিতিখনত অন্তর্ভুক্ত হ’ব গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র সন্থাৰ প্রথম মহিলা সভানেত্রী লাকিমণি বৰুৱা৷

অৱশ্যে সমিতিত আন আন জনজাতি–জনগোষ্ঠীৰ প্রতিনিধি অন্তর্ভুক্ত হোৱাৰ বাটো মুকলি থাকিব৷ প্রথম পর্যায়ত এই সমিতিয়ে সংবিধান আৰু কর্মসূচীৰ খচৰা প্রস্তুত কৰাৰ উপৰি জিলা পর্যায়ৰ আহ্বায়ক সমিতিসমূহ গঠন কৰিম৷ পৰৱর্তী সময়ত সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ বর্তমানৰ নেতৃত্বই নতুন ৰাজনৈতিক দলটোত সক্রিয়তাৰে অংশগ্রহণ কৰিব৷ সকলো কথা কাইলৈৰ দিনটোত অধিক স্পষ্ট হৈ পৰিব৷ পূর্ণাংগ আহ্বায়ক সমিতি গঠনৰ পাছতহে অন্যান্য দল–সংগঠনৰ লগত ৰাজনৈতিক মিত্রতা সন্দর্ভত আলোচনা আগবাঢ়িব৷

তাৰ মাজতে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে মিত্রতা প্রসংগত দুটা সুকীয়া দৃষ্টিভংগী আছে৷ অৰাজনৈতিক সংগঠন হিচাপে ঐক্যবদ্ধ হোৱা আৰু ৰাজনৈতিক মিত্রতা দুটা পৃথক বিষয়৷ ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হ’ব লাগে বুলি পৰামর্শদাতা সমিতিয়েও স্পষ্ট ভাষাৰে কৈছে৷ অৰাজনৈতিকভাৱে সংগঠনবোৰ বেলেগ বেলেগ হ’লেও ৰাজনৈতিকভাৱে সকলো ঐক্যবদ্ধ হ’বই লাগিব৷ ভোটৰ বিভাজন ৰোধ কৰিব লাগিব আৰু জাতীয়তাবাদী ভোটবোৰে একে ঠাইতে পৰিব লাগিব৷ প্রবল প্রতাপী–হংকাৰী বিজেপিক উৎখাত কৰা, কংগ্রেছ–এ আই ইউ ডি এফক প্রতিহত কৰাই যদি সকলোৰে মূল লক্ষ্য হয়, এইক্ষেত্রত জনসাধাৰণ বিভ্রান্ত নহ’বৰ বাবে সকলো ঐক্যবদ্ধ হ’ব লাগিব৷ আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী শক্তিৰ মিত্রতাৰ প্রসংগত আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ এই বক্তব্য তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

You might also like