নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ স্পট ফিক্সিং কেলেংকাৰি; অন্ত পৰিল নিলম্বনৰ ম্যাদ, খেলিবলৈ সাজু শ্রীশান্থ

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ পুনৰ খেলপথাৰলৈ উভতিব পৰাকৈ মুক্ত হ’ল ভাৰতৰ একালৰ তাৰকা বেগী বলাৰ এছ শ্রীশান্থ৷ আই পি এলৰ স্পট ফিক্সিং কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ক্রিকেটাৰগৰাকীৰ ওপৰত জাৰি কৰা ৭ বছৰীয়া নিলম্বনৰ আজি অন্ত পৰে৷

দীর্ঘদিন ধৰি কালিৰ দিনটোলৈ অপেক্ষা কৰি থকা কেৰালাৰ বেগী বলাৰগৰাকীয়ে নিলম্বনৰ পৰা মুক্তি লাভ কৰি টুইটাৰত কৈছে যে তেওঁৰ বাবে এয়া এক বৃহৎ সকাহ৷ ‘দীঘলীয়া অপেক্ষাৰ পিছত মই এতিয়া পুনৰ খেলপথাৰত নামিব পাৰিম৷ প্রকৃতার্থত কালিৰে পৰা মই এক নতুন জীৱন লাভ কৰিলোঁ৷ বিগত চাৰি–পাঁচ মাহ ধৰি মনে–প্রাণে মই অনুশীলনত ব্যস্ত আছোঁ৷ মোৰ সন্মুখত এটাই লক্ষ্য হ’ল পুনৰ খেলপথাৰলৈ প্রত্যাৱর্তন ঘটোৱা৷ কিন্তু সম্প্রতি দেশৰ কোনো স্থানত এতিয়া খেলৰ পৰিৱেশ নাই৷’ –শ্রীশান্থে এইদৰে কয়৷

উল্লেখ্য যে ভাৰতৰ হৈ টেষ্ট ক্রিকেটত ৮৭টা উইকেট দখল কৰা বেগী বলাৰগৰাকীয়ে এইবাৰৰ ঘৰুৱা ছিজনত কেৰালাৰ হৈ ৰঞ্জি ট্রফী খেলাৰ সপোন পুহি ৰাখিছে৷ কিন্তু মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে এইবাৰৰ ঘৰুৱা ছিজন অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা নাই৷ ইয়াৰ ফলত ৩৭ বছৰীয়া শ্রীশান্থৰ প্রত্যাৱর্তনৰ সপোন হয়তো সপোন হৈয়ে থাকিব৷

You might also like