🔹 ছমৰীয়াত স্বজন-তোষণেৰে প্ৰস্তুত তালিকা
🔹 ৪৭নং বামুণবড়ী পঞ্চায়তত উত্তাল প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : পঞ্চায়তীৰাজৰ ফোঁপোলা স্বৰূপ, ধোঁৱাচাঙত উঠিল বিভাগীয় নিৰ্দেশনা। ধন লৈ সভাপতি-সচিবে বিক্ৰী কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ | কি চলিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি, ধনী শ্ৰেণীৰ লোকলৈ, চাকৰিয়াল লোকলৈ আৰু পকী ঘৰ-বাহন থকা লোকেহে পায় চৰকাৰী ঘৰ। দুখীয়াসকল বঞ্চিত হৈছে এই সুবিধাৰ পৰা | উপায়বিহীন বঞ্চিত হিতাধিকাৰীয়ে ন্যায় প্ৰাপ্তিৰ দাবীত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ | উত্থাপিত অভিযোগ অনুসৰি, হিতাধিকাৰীৰ পৰা ঘৰৰ নামত টকা লৈ সচিব-সভাপতিয়ে প্ৰস্তুত কৰে হিতাধিকাৰীৰ তালিকা। ফলত বঞ্চিত হ’বলগীয়া হৈছে প্ৰকৃত দুখীয়া হিতাধিকাৰী| কামৰূপৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৭নং বামুণবড়ী গাঁও পঞ্চায়তত পোহৰলৈ আহিছে এনে অনিয়মৰ তথ্য। পঞ্চায়তৰ একাংশ দুখীয়া হিতাধিকাৰী একগোট হৈ এনেবোৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে ২নং যোগীপাৰা গাঁৱত শুকুৰবাৰৰ পুৱাই ন্যায় প্ৰাপ্তিৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ | অভিযোগ অনুসৰি গাঁওখনত কোনোৱে যদি এবাৰ পাইছে ৪৮০০০ টকাৰ ঘৰ, পাছলৈ পাইছে ৭৫০০০ টকীয়া আৰু ৩য় বাৰত অৰ্থাৎ শেহতীয়াকৈ এইবাৰো ১ লাখ ৩০ হাজাৰটকীয়া আঁচনিতো সোমাইছে সেইসকল ধনী লোকৰ নামেই | আনকি সভানেত্ৰীৰ দেওৰ, ভাই আৰু স্বামীৰ নামতো একাধিক চৰকাৰী আৱাস আবণ্টনৰ অভিযোগ উত্থাপন হৈছে | ইফালে, গাঁওখনৰ অতিকে দুখীয়া পৰিয়ালবোৰ বাৰে বাৰে হৈ আছে বঞ্চিত। সভাপতি-সচিবক দাবী কৰা মতে সময়ত ধন আদায় দিব নোৱাৰাৰ বাবেই দুখীয়া একাংশ হিতাধিকাৰী বঞ্চিত হ’বলগীয়া হয় বুলিও তাৎপৰ্যপূৰ্ণ অভিযোগ| ন্যায় প্ৰাপ্তিৰ আশাৰে তাঁতবাটি কাঢ়িলে বঞ্চিতসকলে। আনকি উন্নয়ন খণ্ড কাৰ্যালয়তো দাখিল কৰে অভিযোগ। পিছে বিভাগৰ পৰা অতদিনে পাবলৈ সক্ষম নহ’ল ন্যায়। উপায়বিহীন বঞ্চিত ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি ন্যায় প্ৰাপ্তিৰ আশাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ | সভানেত্ৰী আৰু সচিব এই ধৰণৰ দুৰ্নীতিত নিমজ্জিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰশ্ন হয়- বিভাগীয় নিৰ্দেশনাক আওকাণ কৰি প্ৰধানমন্ত্ৰী আৱাসৰ নামত বজাৰ সৃষ্টি কৰা পঞ্চায়ত সচিব-সভাপতিৰ বিৰুদ্ধে কিবা শাস্তিৰ দিহা কৰিব পাৰিবনে সংশ্লিষ্ট বিভাগটোৱে ?
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস