নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটকক হাতবাউলি মাতে গোৱালপাৰাৰ কুমৰী বিলৰ নৈসৰ্গিক দৃশ্যই

উদিত নাৰায়ণ কলিতাৰ প্ৰতিবেদনঃ গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত কুমৰীবিলৰ নৈসৰ্গিক দৃশ্যই পৰ্যটকক হাত বাউলী মাতে। গোৱালপাৰা চহৰৰ পৰা মাত্র ৮-১০ কিলোমিটাৰ নিলগত থকা পঞ্চৰত্ন পাহাৰৰ পশ্চিমফালে বিস্তৃত অঞ্চলজুৰি থকা কুমৰী বিলখনৰ মনোমোহা দৃশ্যই পর্যটকক যেন হাত বাউলি মাতে। বিশেষকৈ শীতকালৰ সময়ত জাকে জাকে পৰিভ্ৰমী চৰাইৰ আগমনে কুমৰী বিলৰ নৈসৰ্গিক দৃশ্যই পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰে।চৰকাৰী হিচাপমতে ১৯৯৩ বিঘা ২ কঠা ১ লেচা ভূখণ্ডৰে আগুৰি থকা ঐতিহাসিক কুমৰী বিলৰ পূৱপিনে চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰাৰ নামত শাৰী শাৰী কৈ থকা গছ সমুহ কাটি পেলোৱাত আৰু চাৰিওকাষে এচাম স্বার্থান্বেষী লোকে ঘৰ সাজি বসবাস কৰাৰ লগতে বিলৰ কাষে কাষে খেতি-বাতি কৰিবলৈ লোৱাত সম্প্রতি পৰিভ্ৰমী চৰাইৰ সংখ্যা হ্রাস পাবলৈ ধৰাত চিন্তিত হৈ পৰিছে প্রকৃতিপ্রেমী ৰাইজ। অৱশ্যে এতিয়া চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নৰনাৰায়ণ সেতুৰ পশ্চিম দিশত আন এখন দলং নিৰ্মাণ কৰিবলৈ লোৱাত কুমৰী বিলৰ সৌন্দৰ্য দ্বিগুণ বৃদ্ধি পাইছে।পঞ্চৰত্ন পাহাৰখনৰ কাষেৰে যোৱা ১৭ নং ৰাষ্ট্ৰীয় পথৰ পশ্চিমফালে থকা বিশাল এলেকাজুৰি থকা কুমৰী বিলখনক পর্যটকৰ কেন্দ্র হিচাপে গঢ়ি তুলিলে অসমৰ ভিতৰত এক উল্লেখনীয় পর্যটন স্থান লাভ কৰিব।কাৰণ বিলখনৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা অসমৰ তৃতীয়খন দলং নৰনাৰায়ণ সেতুৰ লগতে আন এখন দলং নিৰ্মাণ কাৰ্য চলি আছে,পূবে পঞ্চৰত্ন পাহাৰ, পশ্চিম আৰু দক্ষিণ পিনে সৰু-সুৰা পাহাৰে আগুৰি লৈ এক মনোমোহা দৃশ্যৰ সৃষ্টি হৈছে। প্রতি বছৰে শীতকালৰ আগমনৰ লগে লগে বিলখনত বিভিন্ন প্রজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। পৰিভ্ৰমী চৰাইৰ কলৰত এক মনোমোহা দৃশ্যৰ সৃষ্টি হয়। এই অপৰূপ দশ্য উপভোগ কৰিবলৈ ১৭ নং ৰাষ্ট্রীয় পথেৰে যোৱা যাত্ৰী সকলে খন্তেক সময়ৰ বাবে হ’লেও এই নৈসর্গিক দৃশ্য উপভোগ কৰে। কেৱল যাত্রীসকলেই নহয়, এই পৰিভ্ৰমী চৰাইসমূহ চাবলৈ বহু দূৰ দূৰণিৰ পৰা লোক আহি কুমৰী বিলত উপস্থিত হয়। কিন্তু বিগত কিছু বছৰ ধৰি বিলখনৰ কাষত থকা টিলাসমূহত ঘৰ-দুৱাৰ সাজি মানুহে বসবাস কৰাৰ লগতে বিলখনত বেদখল কৰি খেতি-বাতি কৰিবলৈ লোৱাত পৰিভ্ৰমী চৰাইৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে। তদুপৰি কুমৰী বিলৰ অপৰূপ দৃশ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে বছৰৰ শেষত বনভোজন দলেৰে ভৰি পৰে। পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্রবিন্দু হোৱা কুমৰী বিলত স্থলপথ,জলপথ আৰু ৰেলেৰে যাতায়তৰ সুবিধা আছে । সেয়ে কুমৰী বিলৰ চাৰিওফালে অহা- যোৱাৰ বাবে পথ নির্মাণ কৰি, বিলৰ মাজত থকা টিলাসমূহৰ মাজত সংযোগ স্থাপন কৰিবলৈ সৰু সৰু দলং নির্মাণ কৰি পর্যটকৰ বাবে হোটেল বা ৰেষ্টুৰেন্ট নির্মাণ কৰি বিলখনত পর্যটকৰ বাবে বিভিন্নধৰণৰ নৌকাবিহাৰৰ ব্যৱস্থা কৰিলে অসমৰ ভিতৰত এক লেখত ল’বলগীয়া পর্যটন কেন্দ্র হিচাপে পৰিগণিত হ’ব। ইয়াৰ দ্বাৰা স্থানীয় হেজাৰ হেজাৰ যুৱক-যুৱতীয়ে কর্মসংস্থাপন পোৱাৰ লগতে বিলখন এক মায়ানগৰীত পৰিণত হ’ব। তেতিয়া চৰকাৰে এফালে বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিব পাৰিব আৰু আনফালে নিবনুৱা সমস্যাও কিছু পৰিমাণে সমাধান হ’ব। এই ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে স্বেচ্ছাসেৱী সংগঠন সমুহক লীজত দিলেও পৰ্যটকৰ আকৰ্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। একাংশ স্বেচ্ছাসেৱক সংস্থাই আগবাঢ়ি আহি থাইলেণ্ডৰ আৰ্হিৰে বিলখনক পৰ্যটকৰ আকৰ্ষণৰ বাবে বিলখন সজাই পৰাই তুলিলে অসমৰ ভিতৰতে এখন উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। তাৰোপৰি বিলৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু পুৰ্বৰ ফেৰীঘাটটো যদি পৰ্যটকৰ বাবে বিভিন্ন ধৰণৰ বিনোদনৰ ব্যৱস্থা কৰা হয় তেন্তে থাইলেণ্ডত স্বৰূপ আকৰ্ষণৰ কেন্দ্ৰ যে হ’ব সেয়া ধূৰূপ।

You might also like