নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰী মহাবিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন প্ৰমোদ বড়োৰ

নিয়মীয়া বাৰ্তা,  ২০ আগষ্ট : ওদালগুৰি জিলাৰ বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান খৈৰবাৰী মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা এটি ভৱনৰ আজি শুভ উদ্বোধন কৰা হয় । মহাবিদ্যালয়খনৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে বি টি চি চৰকাৰে আগবঢ়োৱা এক কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা বৃহৎ ভৱনটি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে । মহাবিদ্যালয়খনৰ নতুন লেংগুৱেজ লেব এটিও মুকলি কৰে বিটিচিৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে । এই উপলক্ষে মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি বি টি আৰ অঞ্চলৰ শৈক্ষিক উত্তৰণত গুৰুত্ব আৰোপ কৰে প্ৰমোদ বড়োৱে । ইপিনে, সংবাদ মাধ্যমৰ আগত মহাবিদ্যালয়খনৰ অধ্যক্ষ সমন্বিতে শিক্ষকসকলে দায়বদ্ধতাৰে সেৱা আগবঢ়াই থকা বুলি তেওঁ প্ৰশংসা কৰে আৰু মহাবিদ্যালয়খনত এটা সুন্দৰ শৈক্ষিক পৰিৱেশ বৰ্তাই ৰখাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনায় । নাকৰ বি গ্ৰেড লাভ কৰা এই মহাবিদ্যালয়খনৰ পৰা ৰাজ্যখনক, দেশখনক নেতৃত্ব দিব পৰা মানৱ সম্পদ সৃষ্টি হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ভৱিষ্যতৰ দিনত মহাবিদ্যালয়খনৰ অধিক উন্নয়নৰ বাবে সহায়ৰ হাত আগবঢ়াব বুলিও আশ্বাস দিয়ে বিটিচিপ্ৰধানগৰাকীয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বি টি চিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়ো, ইউ পি পি এল নেতা বাবুল বসুমতাৰী, খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱব্ৰত সেনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইপিনে, ইউ পি পি এলৰ খৈৰাবাৰী ব্লক কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত এখন যোগদান সভাত দলটোৰ মুৰব্বী প্ৰমোদ বড়োৰ উপস্থিতিত বিভিন্ন দল -সংগঠনৰ ২৩গৰাকী লোকে আজি ইউ পি পি এলত যোগদান কৰে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like