নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে’ : প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তলৈ নৰ্থ ইষ্ট ফাউণ্ডেশ্যচন-ৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ। ১৯৯৬ চনত সমাজত এক বৌদ্ধিক পৰিমণ্ডল সৃষ্টিৰ উদ্দেশ্যেৰে গুৱাহাটীত নৰ্থ ইষ্ট ফাউণ্ডেশ্যচন নামেৰে এটি বৌদ্ধিক দাতব্য ন্যাস গঢ়ি তোলা হৈছিল। ন্যাসে বিগত বছৰবোৰত প্রথম উত্তৰ-পূব সাহিত্য উৎসৱকে ধৰি বিভিন্ন বৌদ্ধিক, সাংস্কৃতিক কাৰ্যসূচী, গ্ৰন্থ প্রকাশ ইত্যাদিৰ কাম কৰি অহাৰ লগতে ২০২১ চনত সাহিত্য আৰু সাহিত্যিকক স্বীকৃতি দিয়াৰ উদ্দেশ্য “ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ” নামৰ বঁটা প্ৰৱৰ্তন কৰে।
ইতিমধ্যে জাতীয় কবি আনিচ উজ্ জামান (২০২১), কবি ঔপন্যাসিক দিলীপ ফুকন (২০২২) আৰু গল্পকাৰ অনামিকা বৰা (২০২৩)ক নৰ্থ ইষ্ট ফাউণ্ডেশ্যচন-ৰ এই বঁটা প্রদান কৰা হৈছে।
এইবাৰ ২০২৪ চনৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ আগবঢ়োৱা হৈছে প্রকৃতি সাহিত্য আৰু অৰণ্যগাথাৰ এগৰাকী দিকদৰ্শী লেখক, প্রকৃতি সংৰক্ষণ আৰু ইয়াৰ বিষয়ে সমগ্ৰ অসম জুৰি সচেতনতা সৃষ্টিৰ বাবে নিজৰ কাম আৰু লিখনিৰে নিৰৱচ্ছিন্নভাৱে প্ৰয়াস কৰি অহা সৌম্যদ্বীপ দত্তলৈ।
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত গণপতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ‘উদ্ভাসিত মায়াবন’ গ্ৰন্থখনিত লিখকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিনন্দীয়া প্রকৃতিৰ এখনি নিপুণ, বিশ্বস্ত আৰু মৌলিক চিত্র আঁকিবলৈ সমৰ্থ হৈছে, আশা কৰা হৈছে যে ই আমাৰ সাহিত্যক সমৃদ্ধ কৰাৰ উপৰিও পাঠকসকলক প্ৰকৃতিক ভাল পাবলৈ আৰু প্রকৃতি সংৰক্ষণত সচেষ্ট হ’বলৈ অনুপ্ৰাণিত কৰিব।
এই পুৰস্কাৰত আগবঢ়োৱা হয় গামোচা, চেলেং, স্মাৰক, মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ
পঞ্চাছ হাজাৰ টকা। মে’ মাহৰ ২৫ তাৰিখে বিয়লি ০৩.৩০ বজাত ৰাজ্যিক সংগ্ৰহালয় চৌহদস্থিত
কনকলাল বৰুৱা প্ৰেক্ষাগৃহত এই বঁটা প্রদান কৰা হ’ব বুলি নৰ্থ ইষ্ট ফাউণ্ডেচন-ৰ সচিব পৰেশ কলিতাই জানিবলৈ দিয়ে।