নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ৱেব ছিৰিজ ‘স্কেম ২০১৯’ৰ অফিচিয়েল পোষ্টাৰ মুকলি

🔹 বছৰৰ শেষত ৰেড চিনেমাছ ১৮+ত ‘স্কেম ২০১৯’ মুক্তি

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : আজি মুকলি কৰা হয় চলিত বৰ্ষৰ শেষৰফালে মুক্তি পাবলগীয়া বহু প্রত্যাশিত অসমীয়া ৱেব ছিৰিজ ‘স্কেম ২০১৯’ৰ অফিচিয়েল পোষ্টাৰ। উল্লেখ্য যে এই কাল্পনিক ৱেব ছিৰিজখন এজন উদণ্ড আৰু দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ছিৰিজখনৰ সেই বিষয়াজনক এখন সমাজৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষাৰ বাবে নিযুক্ত কৰা হয়, কিন্তু ইয়াৰ পৰিৱৰ্তে তেওঁ এটা দশকৰ সৰ্ববৃহৎ কেলেংকাৰিৰ সৈতে জড়িত হৈ পৰে। পৰিণামস্বৰূপে সেই বিষয়াজন কেৱল বিত্তীয় লোকচানৰ কাৰণ হোৱাই নহয়, বৰং শাৰীৰিক-মানসিক আৰু আনকি ৰাজ্যখনৰ পৰিচয়ৰ বাবেও এক ভয়াৱহ সংকট হৈ পৰে। গুৱাহাটীত অনুষ্ঠিত ৱেব ছিৰিজখনৰ পোষ্টাৰ মুকলি অনুষ্ঠানত ৱেব ছিৰিজখনৰ প্রযোজক অভিজিত শৰ্মাই কয়- “আমাৰ আহিবলগীয়া ৱেব ছিৰিজ ‘স্কেম ২০১৯’ৰ আজি পোষ্টাৰ মুকলি কৰি অতিশয় আনন্দ অনুভৱ কৰিছোঁ। দীপাৱলীৰ সময়ত আমি ৱেব ছিৰিজখনৰ অফিচিয়েল ট্ৰেইলাৰ মুকলি কৰিম। বছৰৰ শেষৰফালে এই ৱেব ছিৰিজখন ৰেড চিনেমাছ ১৮+ নামৰ অ’টিটি প্লেটফৰ্মত মুক্তি দিয়া হ’ব।” ৰেড চিনেমাছ হৈছে ৰাজ্যখনৰ প্ৰথম ১৮+ অসমীয়া অ’টিটি প্লেটফৰ্ম ৷ এই অ’টিটি প্লেটফৰ্মত ৱেব ছিৰিজখন অসমৰ লগতে বাংলাদেশ আৰু মধ্যপ্ৰাচ্যৰ দৰ্শকক লক্ষ্য কৰি একাধিক ভাষাত দৃশ্য সংলাপৰ সৈতে মুক্তি দিয়া হ’ব। মন কৰিবলগীয়া যে মাত্ৰ ৫০ টকাতে ‘স্কেম ২০১৯’ ৱেব ছিৰিজখন দৰ্শকৰ বাবে উপলব্ধ হ’ব। প্ৰণিধানযোগ্য যে এই বহু প্ৰত্যাশিত ৱেব ছিৰিজখনত অভিনয় কৰিছে অসমীয়া ছবি আৰু ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ লগতে বিভূতি ভূষণ হাজৰিকা, মৈত্ৰেয়ী গোস্বামী, মাণিক ৰয়, ভৱেশ দাস, য়াংকি পৰাশৰ, অৰ্চনা পূজাৰী, হিমাক্ষী বৰা আৰু আৰ কেৰ দৰে নবীন-প্রবীণ অভিনেতা-অভিনেত্ৰীয়ে । ৱেব ছিৰিজখনৰ পৰিচালনা কৰিছে আৰ কেই। কাহিনী আৰু প্রযোজনা অভিজিত শৰ্মাৰ। আনহাতে, চিত্ৰনাট্য আৰু সংলাপ ভাস্কৰ ডেকাৰ। ৱেব ছিৰিজখনৰ চিনেমেট’গ্ৰাফী বিতুল দাসৰ, সম্পাদনা কৰিছে বন্লিন কৃষ্ণ মহন্তই আৰু সংগীত দিছে ৰিদীপ দাসে।

You might also like