নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধী ৰিয়েলিটীৰ পৰা বহুত দূৰত : বিধায়ক মানৱ ডেকা

🔹 বিৰোধীৰ সদন ত্যাগ

বিশেষ বাৰ্তা, ৬ ফেব্ৰুৱাৰী : ‘চৰকাৰে সঁচা কথা কৈছে নে মিছা কথা কৈছে আজি তিনি দিন আগতে সকলোৱে দেখিছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সভাত কেনেদৰে ৰাইজ উবুৰি খাই পৰিছিল। বিৰোধী ৰিয়েলিটীৰ পৰা বহুত দূৰত। বিৰোধীৰ গাঁৱত সংগঠন নাই, জিলাত সংগঠন নাই, বুথত সংগঠন নাই, তেওঁলোকৰ টিভিৰ বুমকেইটাৰ সন্মুখত, লিলি হোটেলৰ ভিতৰত, ৰাজীৱ ভৱনতে তেওঁলোকৰ সংগঠন সীমাবদ্ধ। এতিয়া যদি এছেম্বলীৰ সময়ত এইবোৰ নকৰে, তেওঁলোক লাইম লাইটত কিদৰে আহিব।’ বিৰোধীৰ সদন ত্যাগ সন্দৰ্ভত বিজেপি বিধায়ক মানৱ ডেকাই এই মন্তব্য কৰে। তদুপৰি ডেকাই কয়- কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সংঘটিত দুৰ্নীতিৰ কথা ৰাইজে জানে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা উন্নয়নৰ কথা ৰাইজে জানে। গতিকে বিৰোধীয়ে একো ইছ্যু নাই বাবে এইবোৰ কৰি অলপ মিডিয়া এটেনচন ল’ব বিচাৰিছে। আন এক প্ৰসংগত বিধায়ক ডেকাই কয় যে ভাৰতীয় জনতা পাৰ্টীক কোনো পৰিয়ালে নচলায়। বিজেপি বোৱঁতী নদীৰ দৰে, এখন বিশাল সাগৰ, ইয়াত কোনো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নচলে। যিকোনো এজন খিলঞ্জীয়া ভাৰতীয় মূলৰ লোক, তেওঁ কংগ্ৰেছ দলৰে হওক বা আন দলৰে হওক, সেইজন ভৱিষ্যতৰ বিজেপিৰ কাৰ্যকৰ্তা। আনহাতে, কংগ্ৰেছৰ ৰাণা গোস্বামী বিজেপিলৈ অহা সন্দৰ্ভত তেওঁ কয় যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী তথা সভাপতি ভৱেশ কলিতাইহে জানিব। ভূপেন বৰাৰ ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত বিধায়ক ডেকাই কয় যে ২০২৬ লৈকে ভূপেন বৰা কংগ্রেছত নাথাকে। সাংবাদিকে ভূপেন বৰা বিজেপিলৈ আহিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- কংগ্ৰেছত নাথাকিলেতো বিজেপিতে যোগদান কৰিব লাগিব। মই ট্রেণ্ড দেখিহে এই কথা কৈছোঁ।

You might also like