🔹 ঘৰত বহিয়ে চৰকাৰী দৰমহা ভোগ পোষ্টমাষ্টাৰ জাহাংগীৰ আলমৰ
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কানাইমাৰা গাঁৱত থকা কানাইমাৰা পোষ্ট অফিচটো বিগত দুবছৰ ধৰি তলা বন্ধ হৈ থকাত ছেভিংছ, ৰেকাৰীং, সুকন্যা আদিকে ধৰি প্ৰায় দুই হাজাৰ পোষ্ট অফিচত একাউণ্ট খোলা লোকৰ একাউণ্ট বন্ধ হৈ গৈছে।সমান্তৰালভাৱে বৃহত্তৰ কানাইমাৰা গাঁৱত ডাক সেৱা বন্ধ হোৱাত চিঠি-পত্ৰ, বিশেষকৈ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, passport, চৰকাৰী চাকৰিৰ Appointment letter আদি আহিলেও পোষ্ট অফিচটো দুবছৰ ধৰি বন্ধ থকা বাবে কোনেও পোষ্ট অফিচৰ জৰিয়তে উক্ত নথি-পত্ৰসমূহ নাপায় বুলি গাঁওবাসী জাঙুৰ খাই উঠিছে। বিগত দুই বছৰ আগতে মানকাচৰ সমষ্টিৰ মানুল্ল্যাপাৰা গাঁৱৰ জাহাংগীৰ আলম নামৰ লোক এজনক কানাইমাৰা পোষ্ট অফিচত পোষ্ট মাষ্টাৰ হিচাপে চৰকাৰীভাৱে নিযুক্তি প্ৰদান কৰিছিল। পোষ্ট মাষ্টাৰ জাহাংগীৰ আলমে মাথোঁ এক-ডেৰ মাহ কানাইমাৰা পোষ্ট অফিচত আহিছিল যদিও প্ৰায় দুই বছৰ ধৰি পোষ্টমাষ্টাৰজনে কানাইমাৰা পোষ্ট অফিচলৈ অহা নাই বুলি স্থানীয় ৰাইজে সদৰী কৰে। ইতিমধ্যে স্থানীয় সচেতন ৰাইজে সংশ্লিষ্ট বিভাগ তথা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা আয়ুক্তক কেইবাবাৰো লিখিতভাৱে অৱগত কৰাৰ পাছতো পোষ্টমাষ্টাৰ জাহাংগীৰ আলমৰ বিৰুদ্ধে কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সদৰী কৰে।
প্ৰেৰক ফাৰহাদ আহমেদ