নিয়মীয়া বাৰ্তা ডিজিটেল, ১ এপ্ৰিলঃ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ শোধাই আজিৰে পৰা বাঢ়িল জীৱনজায়িনী ঔষধৰ দাম। আজিৰে পৰা একেকোবে বৃদ্ধি পালে ৭৮৪বিধ ঔষধৰ মূল্য। ৰক্তচাপৰ দৰবৰ পৰা আৰম্ভ কৰি হৃদৰোগ,কিডনী,ইনচুলিন,গেষ্টিকৰ ঔষধকে ধৰি ৭৮৪ বিধ ঔষধৰ দাম বৃদ্ধি। উল্লেখযোগ্য যে এই ঔষধসমূহৰ দাম ১.৭৪ শতাংশলৈ বৃদ্ধি পাইছে।