প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে শিলচৰত কংগ্ৰেছক “দেশবিৰোধী” বুলি অভিহিত কৰি দলটোৱে মিছা আৰু গুজৱ প্ৰচাৰ কৰি জনতাক বিভ্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰে।
দুদিনীয়া অসম ভ্ৰমণৰ দ্বিতীয় দিনা শিলচৰত অনুষ্ঠিত বৃহৎ জনসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে আৰু অভিযোগ কৰে যে দলটোৱে দশক দশক ধৰি উত্তৰ-পূৰ্বাঞ্চলক অৱহেলা কৰি আহিছে।
এই সভাত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৪ হাজাৰ কোটি টকাৰ অৱকাঠামো প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত অন্যতম হৈছে ১৬৭ কিলোমিটাৰ দীঘলীয়া চাৰিলেনৰ শ্বিলং-শিলচৰ হাইস্পীড কৰিডৰ। প্ৰায় ২২,৮৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই পথটো সম্পূৰ্ণ হ’লে গুৱাহাটী আৰু শিলচৰৰ মাজৰ যাত্ৰা সময় ৯ ঘণ্টাৰ পৰা প্ৰায় ৫ ঘণ্টালৈ হ্ৰাস পাব।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয় যে কংগ্ৰেছৰ কোনো উন্নয়নমূলক দৃষ্টিভংগী নাই। তেওঁ কয় যে আগন্তুক নিৰ্বাচনত ভোটাৰসকলে কংগ্ৰেছৰ “দেশবিৰোধী মনোভাৱ”ৰ উপযুক্ত জবাব দিব।
“২৪ হাজাৰ কোটিত কিমানটা শূন্য আছে সেয়াও কংগ্ৰেছ নাজানে,” বুলি তেওঁ মন্তব্য কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অতীতত বৰাক উপত্যকাক অৱহেলা কৰা হৈছিল। এক সময়ত ঔদ্যোগিক কেন্দ্ৰ হিচাপে পৰিচিত এই উপত্যকাটো পুনৰ ব্যৱসায় আৰু উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে বিজেপি চৰকাৰে।
আজিৰ আধাৰশিলা স্থাপিত মুখ্য প্ৰকল্পসমূহ হল
- শ্বিলং–শিলচৰ হাইস্পীড কৰিডৰ : ১৬৭ কিলোমিটাৰ দীঘলীয়া চাৰিলেন পথ, যি অসম আৰু মেঘালয়ক সংযোগ কৰিব।
- যাত্ৰা সময় হ্ৰাস: গুৱাহাটী–শিলচৰ যাত্ৰা সময় ৯ ঘণ্টাৰ পৰা প্ৰায় ৫ ঘণ্টালৈ নামিব।
- চহৰ সংযোগ উন্নত: শিলচৰ চহৰত যানজঁট হ্ৰাস কৰিবলৈ নতুন ফ্লাইঅভাৰৰ ভূমিপূজন।
- শিক্ষা ক্ষেত্ৰ : পাথাৰকান্দিত নতুন কৃষি মহাবিদ্যালয় স্থাপন কৰা হ’ব।
ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে এই বৃহৎ প্ৰকল্পসমূহ ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে আবেদন নকৰাকৈয়ে অনুমোদন লাভ কৰিছে। “এইটো অসমলৈ প্ৰধানমন্ত্ৰীৰ গভীৰ মৰমৰ প্ৰমাণ” বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
ডিজিটেল ডেস্ক, ১৪ মাৰ্চ