নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ ৮৬২টা বাণী সম্বলিত নিৰ্বাচিত সংকলন উন্মোচন

অসমৰ ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছৰ সময়ছোৱাত বিভিন্ন উপলক্ষত প্ৰদান কৰা বাণীসমুহৰ নিৰ্বাচিত কিছুসংখ্যক একত্ৰিত কৰি দৰঙৰ ক্ৰীড়া নিদেৰ্শক মোবাৰক হুছেইনে সংকলন আৰু সম্পাদনা কৰি উলিয়াইছে “আধুনিক ৰাজনীতিৰ চাণক্য অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচিত বাণী” শীৰ্ষক গ্ৰন্থ।

মুঠ ৮৬২টা বাণী সন্নিৱিষ্ট গ্ৰন্থখন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে ছিপাঝাৰ উঃ মাঃ আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক তথা ৰাজ্যিক কৃতী শিক্ষক বঁটাপ্ৰাপক পৱন কুমাৰ কলিতাই। সাহিত্যিক-সাংবাদিক হাফিজ আলীয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত  উন্মোচক  পৱন  কলিতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ বাণীসমূহ যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি উল্লেখ কৰি এনেদৰে গ্ৰন্থ আকাৰে সংকলিত কৰাৰ বাবে গ্ৰন্থ কাৰ গৰাকীৰ প্ৰয়াসকো শলাগ লয়।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মপদ্ধতিৰো শলাগ লৈ উন্মোচন পৱন কুমাৰ কলিতাই কয় বোধহয় ড০ হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ মুখ্যমন্ত্ৰী যিগৰাকীয়ে বিদেশ ভ্ৰমণ কৰি পোৱা অভিজ্ঞতাক নিজ ৰাজ্যত বাস্তৱ প্ৰতিফলনেৰে উন্নয়নৰ চেষ্টা কৰে।

ক্ৰীড়া সংগঠক প্ৰফুল্ল কুমাৰে ৰাজনীতিকৰ বক্তব্যসমুহ অস্থায়ী যদিও বাণীসমুহৰ চিৰস্থায়ী হৈ থাকে বুলি উল্লেখ কৰি সংকলকৰ প্ৰয়াসক শলাগ লয়। অৱসৰী অধ্যক্ষ হৰেন ডেকাই ভৱিষ্যতে ১০০০ বাণী সম্বলিত কৰি গ্ৰন্থখন পৰিবৰ্ধিত সংস্কৰণ প্ৰকাশৰ আহ্বান জনায়।

গ্ৰন্থখনৰ সংকলক তথা প্ৰকাশক মোবাৰক হুছেইনে ৰাজনৈতিক ইতিহাসত  মুখ্যমন্ত্ৰী হিচাপে ৰাজ্য তথা অসমীয়া জাতিৰ এক জটিল সন্ধিক্ষণত ড° হিমন্ত বিশ্ব শৰ্মাই  কৰ্মদক্ষতা, অভিজ্ঞতা, কৰ্মস্পৃহা, প্ৰত্যুৎপন্নমতি গুণেৰে কথা আৰু কৰ্মৰ সংগতিৰে ৰাজ্যৰ সকলো জনগোষ্ঠীৰ প্ৰগতি সাধন লগতে খিলঞ্জীয়াৰ অস্তিত্ব, জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত যিবোৰ উক্তিৰে অসমীয়া জাতিক জাগ্ৰত কৰি আহিছে উক্তিসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে সমল হিচাপে ৰখাৰ উদ্দেশ্যে মুঠ ৮৬২টা নিৰ্বাচিত বাণী গ্ৰন্থাবদ্ধ কৰা বুলি ব্যক্ত কৰে।

উল্লেখ্য যে অনুষ্ঠানত শাৰীৰিক শিক্ষা পৰিদৰ্শক দিলীপ শৰ্মা, স্বদেশ নিউজৰ সম্পাদক নৱ শইকীয়া, নিয়মীয়া বাৰ্তা আৰু নিউজ লাইভৰ সাংবাদিক  সাংবাদিক ৰণ্ জিত কুমাৰ নাথ আদি বিশেষভাবে উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ১৪ মাৰ্চ

You might also like