🔹 বন্যপ্রাণী সংৰক্ষণত বাৰেকুৰিৰ মৰাণ জনগোষ্ঠীৰ লোকৰ ভূমিকাক প্রশংসা
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : তিনিচুকীয়া জিলাৰ প্রসিদ্ধ বাৰেকুৰি অঞ্চলৰ হলৌ বান্দৰৰ প্রসংগটোৱে আজি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রসিদ্ধ ‘মন কী বাত’ অনুষ্ঠানৰ আৰম্ভণিতে বিশেষ স্থান লাভ কৰাত তিনিচুকীয়া জিলাত উৎসাহৰ সৃষ্টি হৈছে৷ ঐতিহাসিক হলৌ উদ্যানখ্যাত বাৰেকুৰি অঞ্চলৰ মৰাণ জনগোষ্ঠীৰ সাধাৰণ জনতাই হলৌ বান্দৰৰ প্রতি দেখুৱাই অহা মৰম-চেনেহ আৰু আত্মীয়তাই দেশৰ প্রধানমন্ত্রীৰো দৃষ্টি আকর্ষণ কৰিছে৷ উল্লেখযোগ্য যে বাৰেকুৰি অঞ্চলৰ ৰাইজে বনৰীয়া হলৌ বান্দৰবোৰক দীর্ঘদিনৰ পৰা নিজৰ পৰিয়ালৰ সদস্যৰ দৰেই যত্ন লৈ খাদ্য যোগান ধৰি তথা ৰক্ষণাবেক্ষণ দি আহিছে৷ এই বিষয়টোক লৈ ইতিমধ্যে বি বি চিৰ লগতে বিভিন্ন মাধ্যমত তথ্যচিত্রও নির্মাণ কৰিছে৷ বাণিজ্যিক চহৰ তিনিচুকীয়াৰ পৰা প্রায় ৭ কিলোমিটাৰ নিলগত অৱস্থিত ২১ খন গাঁৱৰে পৰিৱেষ্টিত বাৰেকুৰিত ৫টা হলৌ বান্দৰৰ পৰিয়ালে দীর্ঘদিন ধৰি শান্তিপূর্ণভাৱে বসতি স্থাপন কৰি আহিছে৷ চৰকাৰৰ কোনো বিশেষ পদক্ষেপ নোহোৱাকৈ হলৌ বান্দৰৰ জৰিয়তে বাৰেকুৰিক এক পৰ্যটনৰ কেন্দ্র হিচাপে গঢ়ি তুলিছে সাধাৰণ জনতাই৷ আজি হঠাৎ প্রধানমন্ত্রীগৰাকীয়ে বাৰেকুৰিবাসীৰ হৈ কৰা মন্তব্যক লৈ বাৰেকুৰি অঞ্চলবাসী আনন্দিত হোৱা দেখা গৈছে৷ এইক্ষেত্রত অঞ্চলটোত প্রকৃতি সুৰক্ষাৰ হকে দীর্ঘদিন ধৰি কাম কৰি অহা দিপ্লৱ চেতিয়াই ইয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ জ্ঞাপন কৰি কৈছে যে প্রধানমন্ত্রীগৰাকীয়ে মৰাণ জনগোষ্ঠীটোৰ বিষয়েও বিশেষভাৱে উল্লেখ কৰা বাবে আমি সুখী হৈছোঁ৷ কিন্তু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই যদি বাৰেকুৰিত পৰ্যটনৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰে, তেন্তে বহু আগৱাই যাব৷ এতিয়া একমাত্র বাৰেকুৰিবাসীৰ একক প্রচেষ্টাতেই হলৌ বান্দৰে বিশ্বত পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়৷ হলৌ বান্দৰ সংৰক্ষণত বিশেষ সেৱা আগবঢ়াই অহা মহিত চেতিয়াই কয় যে প্রধানমন্ত্রীগৰাকীক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ- এতিয়াৰে পৰা অঞ্চলটোত বিকাশে বিশেষ গুৰুত্ব লাভ কৰিব৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই যদি কিবা পদক্ষেপ গ্রহণ কৰে, তেন্তে বাৰেকুৰিয়ে এক বিশেষ মর্যাদা পাবলৈ সক্ষম হ’ব৷
প্ৰেৰক বিবেক বড়া