🔹 শৃংখলাবদ্ধতা আৰু সময়ৰ সদ্ব্যৱহাৰ সফল জীৱনৰ বুনিয়াদ : ড° দয়ানন্দ পাঠক
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : শিক্ষাৰ উত্তৰণ আৰু সামাজিক পৰিৱৰ্তনৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেচনে আজি চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথক ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ অধ্যক্ষ বঁটা প্ৰদান কৰে। ১৯৯৮ চনতে প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবাহীক নিৰন্তৰ সাধনাৰে অসমৰ এখন জাকতজিলিকা বিদ্যা নিকেতন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। অসমৰ সকলো শংকৰদেৱ বিদ্যা নিকেতনৰ ভিতৰতে আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰা এই বিদ্যালয়খনে বিগত ১৫ বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাই সকলোৰে আদৰ্শ হ’বলৈ সক্ষম হৈছে। সেয়ে এই নিকেতনখনৰ প্ৰধান আচাৰ্য নাথক পৰেশ বৈশ্য ফাউণ্ডেচনে আজি এই শ্ৰেষ্ঠ অধ্যক্ষ বঁটা প্ৰদান কৰে ৷ নাথক চেলেং চাদৰ, ফুলাম গামোচা, শৰাই, ট্ৰফী, মানপত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ফুলাম জাপিৰে সন্মানিত কৰে। বঁটা প্ৰদান অনুষ্ঠানত অসমৰ বৰেণ্য শিক্ষাবিদ ড° দয়ানন্দ পাঠকে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ভাষণ প্ৰসংগত তেওঁ কয় যে ভাৰতীয় বৌদ্ধিক ঐতিহ্যৰ এক দীঘলীয়া পৰম্পৰা আছে। সেই পৰম্পৰা সাম্প্ৰতিক সময়ত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহে বহন কৰি আহিছে। তেওঁ আৰু কয় যে শৃংখলাবদ্ধতা আৰু সময়ৰ সদ্ব্যৱহাৰ সফল জীৱনৰ বুনিয়াদ । অনুষ্ঠানত সন্মানিত অতিথি হিচাপে উপস্থিত থাকে কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া। বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি ঠাকুৰীয়াই কয় যে আমি প্ৰগতিৰ শিখৰত উঠিবলৈ গৈ আছোঁ যদিও প্ৰয়োজন মতে নিজৰ দেশক ভাল পোৱা মানুহ সেই অনুপাতে নিৰ্মাণ কৰিব পৰা নাই। তেওঁ উদ্ভাৱনী শক্তিসম্পন্ন মানৱ সম্পদ সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ আৰম্ভণিতে পৰেশ বৈশ্য ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী পৰেশ বৈশ্যই ফাউণ্ডেচনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি কয় যে পৰেশ বৈশ্য ফাউণ্ডেচনে বিগত ১৬ বছৰ ধৰি বিশেষকৈ বিদ্যালয় শিক্ষাৰ উত্তৰণ আৰু সামাজিক পৰিৱৰ্তনৰ হকে ভালেমান ইতিবাচক কাৰ্যসূচী লৈ অসমৰ শিক্ষাবিদ আৰু বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কোনো চৰকাৰী বা বেচৰকাৰী সাহায্য নোলোৱাকৈ কেৱল তেওঁৰ নিজৰ পেঞ্চনৰ ধন আৰু গ্ৰন্থৰ ৰয়েল্টীৰ পৰা অহা কিঞ্চিৎ ধনেৰে এক সম্পূৰ্ণ ত্যাগৰ মনোভাবেৰে এই ন্যাসৰ কাম-কাজ চলাই থকা হৈছে বুলিও বৈশ্যই উল্লেখ কৰে। তেওঁ ভাগ্যৰাম নাথৰ দৰে এগৰাকী কৰ্মযোগী প্ৰধান আচাৰ্যক এই সন্মান যাচিবলৈ পাই ধন্য হোৱা বুলিও কয় । অনুষ্ঠানত শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবাহীৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি পুনিৰাম নাথ, নিকেতন পৰিচালনা সমিতিৰ বৰ্তমানৰ সভাপতি দিলীপ নাথ , সমাজকৰ্মী ডম্বৰুধৰ কলিতা, নিতুল বৰদলৈ, নিকেতনৰ মাতৃ ভাৰতীৰ সম্পাদিকা মল্লিকা দেৱী খাটনিয়াৰৰ লগতে বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত ভাগ্যৰাম নাথে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাত পৰেশ বৈশ্য ফাউণ্ডেচন কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। এই বঁটাই তেওঁক অনাগত দিনত অধিক দায়বদ্ধতাৰে বিদ্যালয়খনৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি প্ৰকাশ কৰে ৷
প্ৰেৰক মানস নাথ