নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তীশগড়ৰ জংঘলত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৩ মাওবাদীৰ মৃত্যু

বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ : ছত্তীশগড়ৰ ডান্তেৱাড়া বনাঞ্চলত আৰক্ষী-চিআৰপিএফৰ সৈতে মাওবাদীৰ তীব্ৰ গুলীয়াগুলী সংঘটিত হয়। এই এনকাউণ্টাৰত কমেও ৩জন মাওবাদীৰ মৃত্যু হয়। দেওবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত আৰক্ষী-চি আৰ পি এফ জোৱানৰ সৈতে মাওবাদীৰ সংঘৰ্ষ হয়। এই সংঘৰ্ষত কমেও তিনিজন মাওবাদীক গুলীয়াই হত্যা কৰা হয়। আৰক্ষীৰ তথ্য অনুসৰি, কাটেকল্যান থানাৰ অন্তৰ্গত ডব্বাকুন্না গাঁৱত মাওবাদীৰ সৈতে যুটীয়া নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ হয়। হঠাতে বনাঞ্চল আৰু পাহাৰৰ সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ বন্দুক যুদ্ধ আৰম্ভ হয়। কিছু সময়ৰ পাছত দুয়োপক্ষৰ আক্ৰমণ বন্ধ হৈ পৰাত আৰক্ষী আৰু চি আৰ পি এফ জোৱানে বনাঞ্চলৰ পৰা ৩জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে কেইবাটাও অস্ত্ৰ-শস্ত্ৰ আৰু গুলী। মাওবাদীকেইজনৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই আৰক্ষীয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত নিহত হৈছিল চি আৰ পি এফৰ এজন উপ-পৰিদৰ্শক। নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত হোৱা গুলীচালনাত নিহত হয় বিষয়াগৰাকী। আন এজন জোৱানক গুলীয়াই হত্যা কৰা হয়। এই ঘটনাৰে প্ৰতিশোধ লয় যুটীয়া বাহিনীয়ে।

You might also like