নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটৰ নগাবন্ধা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষক নিলম্বন

🔹 ‘নিয়মীয়া বাৰ্তা’ৰ বাতৰিৰ প্ৰভাৱ

🔹 ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ নামত ধন সংগ্ৰহ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ : মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ এক নিৰ্দেশ মৰ্মে লাহৰীঘাটৰ নগাবন্ধা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়ে। নগাবন্ধা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ গিয়াছ উদ্দিনৰ বিৰুদ্ধে নামভৰ্তিৰ নামত ধন সংগ্ৰহৰ অভিযোগ কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে ধন সংগ্ৰহ কৰা বুলি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। অধ্যক্ষই চৰকাৰী নিয়ম উলংঘা কৰি ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰা বাতৰি ‘নিয়মীয়া বাৰ্তা’ত সবিস্তাৰে প্ৰকাশ পাইছিল। ইয়াকে লৈ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অৱশেষত কালি মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ চিঠি নং MDC/Aleg/EST/02/part II/ 2022 জৰিয়তে অধ্যক্ষগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়া হয়। অভিযোগ অনুসৰি, ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ নামত ৭০০-১১০০ টকাকৈ সংগ্ৰহ কৰা হৈছিল বিদ্যালয়খনত। বিদ্যালয়খনৰ ৭০০ ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ ভয়ানক অভিযোগ উত্থাপন হৈছিল অধ্যক্ষ গিয়াছ উদ্দিন আৰু পৰিচালনা সমিতিৰ সভাপতি নুৰুল হুদাৰ বিৰুদ্ধে। স্থানীয় ৰাইজে শিক্ষা বিভাগৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে পৰিচালনা সমিতিৰ সভাপতি নুৰুল হুদাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

প্ৰেৰক আবুল কালাম

You might also like