🔹 থিয়েটাৰ আমন্ত্ৰণ কৰি চৰম অস্বস্তিত আহ্বায়ক সমিতি
নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : ১৯৬৩ চনত তেতিয়াৰ নলবাৰী আৰু বৰ্তমানৰ বজালী জিলাৰ পাঠশালাত প্ৰথম ‘নটৰাজ থিয়েটাৰ’ৰ জন্ম হৈছিল। নটৰাজ থিয়েটাৰৰ জন্মৰ জৰিয়তে অসমত এক নতুন তথা অভূতপূৰ্ব নাট্য আন্দোলনৰ ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ভ্ৰাম্যমাণৰ পিতামহস্বৰূপ প্ৰয়াত অচ্যুত লহকৰে। অচ্যুত লহকৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিয়াৰ পিছতে সুৰদেৱী, আৰাধনা, কহিনুৰ, আৱাহন, ৰাজমুকুট আদি থিয়েটাৰৰ জন্ম হৈছিল। কালক্ৰমত ভ্ৰাম্যমাণ থিয়েটাৰে এক বৃহৎ উদ্যোগৰ ৰূপ পৰিগ্ৰহ কৰে আৰু প্ৰতিটো ভ্ৰাম্যমাণ নাট্য দলতে ১০০ৰ পৰা ১৫০টা থলুৱা পৰিয়ালে নিজৰ জীৱিকা উপাৰ্জনৰ বাট মুকলি হয়। ভ্ৰাম্যমাণৰ জন্মৰ স্মৃতি বিজড়িত অসমৰ নাট্য নগৰীৰূপে পৰিচিত পাঠশালাতেই বিগত ২০২৪ চনত ভূমিষ্ঠ হৈছিল নতুন ভ্ৰাম্যমাণ নাট্যদল ‘ৰাজলক্ষ্মী থিয়েটাৰ’। ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মনগৰী পাঠশালাত এটা নতুন নাট্য দলৰ জন্মৰ খবৰে অসমবাসীৰ লগতে পাঠশালাবাসীৰ মনতো নতুন আৱেগ আৰু আশাৰ সঞ্চাৰ কৰিছিল। প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰৰ ব্যয়বহুল প্ৰযোজনা আৰু চমকপ্ৰদ কাৰিকৰী কৌশলৰ লগতে ভ্ৰাম্যমাণৰ অভিজ্ঞ সম্পাদক ভৱেশ দাসৰ নেতৃত্বত ভ্ৰাম্যমাণৰ বাদশ্বাহ চম্পক শৰ্মা, অভিজ্ঞ বোলছবি তথা মঞ্চ শিল্পী কল্পনা কলিতা, মোহময়ী জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপ, নৱাগত ৰোমাণ্টিক হিৰো চন্দন ডেকা, মঞ্চ সফল অভিনেতা নৱজ্যোতি কাশ্যপৰ অভিনয় আৰু ভ্ৰাম্যমাণৰ একছত্ৰী নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু নাট্যকাৰ চম্পক শৰ্মাৰ তিনিখন মৌলিক নাটকেৰে ২০২৪ৰ আগষ্ট মাহৰ পৰা ‘ৰাজলক্ষ্মী থিয়েটাৰ’-এ নাট্যযাত্ৰা আৰম্ভ কৰে। নৱাগত নাট্যদলটোৱে উজনি আৰু নামনিত যথেষ্ট আশাব্যঞ্জক সঁহাৰি লাভ কৰি বহুসংখ্যক আয়োজক সমিতিৰ সৈতে নাট প্ৰদৰ্শনৰ বাবে চুক্তিবদ্ধ হয়। অভিজিত ভট্টাচাৰ্যৰ ‘মনে মনে চাওঁ তোমাক’ আৰু চম্পক শৰ্মাৰ ‘ঘা’ নাটক দুখনে দৰ্শক ৰাইজৰ বিপুল সঁহাৰিৰ লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল আৰু আহ্বায়ক সমিতিসমূহো সন্তুষ্ট হোৱা দেখা গৈছিল। নৱাগত ‘ৰাজলক্ষ্মী থিয়েটাৰ’ৰ প্ৰতি অসমৰ দৰ্শক ৰাইজৰ বিপুল সঁহাৰি আৰু বোকাজানৰ নাট্যপ্ৰেমী ৰাইজৰ এখন উন্নত মানৰ থিয়েটাৰ উপভোগ কৰাৰ প্ৰবল হেঁপাহৰ প্ৰতি লক্ষ্য ৰাখি বোকাজানৰ সমাজসেৱী অনুষ্ঠান তথা সমাজৰ আৰ্থিকভাৱে দুৰ্বল আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ হকে কাম কৰি থকা ”সৰ্বমংগল সঞ্চয় সমিতি”ৰ সৈতে ১৯ অক্টোবৰ, ২০২৪ তাৰিখে ৰাজলক্ষ্মী থিয়েটাৰ কৰ্তৃপক্ষ চুক্তিবদ্ধ হৈছিল। চুক্তি মৰ্মে ২০২৫ চনৰ ২৫, ২৬ আৰু ২৭ মাৰ্চত বোকাজানত নাট প্ৰদৰ্শনৰ বাবে আহ্বায়ক সমিতিৰ পৰা বুজন পৰিমাণৰ অগ্ৰিম ধন থিয়েটাৰ কৰ্তৃপক্ষক প্ৰদান কৰা হয় । ‘ৰাজলক্ষ্মী থিয়েটাৰ’ৰ প্ৰযোজক তথা পাঠশালাৰ মফচলীয়া সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু সম্পাদক ভৱেশ দাসৰ সবল নেতৃত্বত ৰাজলক্ষ্মী থিয়েটাৰে সগৌৰৱে তেওঁলোকৰ নাট্য যাত্ৰা অব্যাহত ৰখাৰ সময়তে বোকাজানৰ থিয়েটাৰ আহ্বায়ক সমিতিখনৰ সৈতে আজি কিছুদিন ধৰি প্ৰযোজক অৰু সম্পাদকগৰাকীয়ে আকস্মিকভাৱে সকলো প্ৰকাৰে যোগাযোগ বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত আহ্বায়ক সমিতিখন সম্প্ৰতি শ’লঠেকত পৰাৰ লগতে গভীৰ অস্বস্তিত দিন কটাবলগীয়া হৈছে। আহ্বায়ক সমিতিৰ তৰফৰ পৰা থিয়েটাৰ কমিটীৰ পাঠশালাস্থিত কাৰ্যালয়ত যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও কাৰ্যালয় বন্ধ থকাত যোগাযোগৰ চেষ্টা ব্যৰ্থ হৈছিল। ইতিমধ্যে থিয়েটাৰৰ টিকট ছপা কৰাৰ উপৰি বেনাৰিং আৰু এডভাৰটাইজিঙৰ লগতে অন্যান্য আনুষংগিক কামত আহ্বায়ক সমিতিখনে যথেষ্ট টকা খৰচ কৰিছে। আকস্মিকভাৱে প্ৰযোজক আৰু সম্পাদকগৰাকীয়ে সমিতিৰে যোগাযোগ বন্ধ কৰি দিয়া আৰু অদ্যাপি দুয়োগৰাকীৰে কোনো শুংসূত্ৰ নোলোৱাত ছপা কৰা টিকটসমূহ বিক্ৰীক লৈ আহ্বায়ক সমিতিখন বিবুধিত পৰিছে আৰু ‘ৰাজলক্ষ্মী থিয়েটাৰ’-এ বোকাজানত নাট প্ৰদৰ্শন কৰা-নকৰা বিষয়টো গভীৰ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে থিয়েটাৰৰ আহ্বায়ক সৰ্বমংগল সঞ্চয় সমিতিৰ সভাপতি ৰোহিত তাঁতী আৰু সাধাৰণ সম্পাদক শৈলেন্দ্ৰ গগৈয়ে ‘ৰাজলক্ষ্মী থিয়েটাৰ’ৰ প্ৰযোজক আৰু সম্পাদকগৰাকীক আহ্বায়ক সমিতিখনেৰে পুনৰ যোগাযোগ স্থাপন কৰি থিয়েটাৰ প্ৰদৰ্শনৰ দৰে ৰাজহুৱা স্বাৰ্থজড়িত বিষয়টো সন্দৰ্ভত ৰাজহুৱাভাৱে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে।
প্ৰেৰক প্ৰাণদ্বীপ চেতিয়া