নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Cannes Film Festival-ৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজপাৰেৰে উজলিল সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

অসমৰ হস্ততাঁতৰ বস্ত্ৰ সংযুক্তা দত্তৰ আধুনিক পৰশেৰে তিনি প্ৰসিদ্ধ মডেলৰ দেহত শোভা পালে বিশ্বৰ ফেশ্বন জগতৰ মহাসমাৱেশত

Cannes Film Festival-ৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজপাৰেৰে উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মে ‘ : বিশ্বৰ সৰ্ববৃহৎ তথা সন্মানীয় চলচিত্ৰ মহোৎসৱ ‘Cannes Film Festival’ত ভাৰতীয় ফেশ্বন জগতক উজলাই পুনৰ এবাৰ জিলিকি উঠিল দেশৰে এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্ত ৷

তিনি গৰাকী সুন্দৰী প্ৰসিদ্ধ মডেলে যেতিয়া সংযুক্তাৰ সৃষ্টিৰ পোচাক পিন্ধি লয়লাসে খোজ দিছিল কাঁৰ ৰঙা দলিচাত, তেতিয়া কেমেৰাবোৰ ঘূৰ খাই গৈছিল সেই ছন্দ কেমেৰাত আবদ্ধ কৰিবলৈ ৷ মুগ্ধ হৈ পৰিছিল ফেশ্বন অনুৰাগী সকল ।

সমগ্ৰ বিশ্বৰে এবছৰৰ বিশেষ কেইটামান দিনত দৃষ্টি নিবদ্ধ হৈ থাকে ফ্ৰান্সত অনুষ্ঠিত Cannes Film Festivalৰ ৰেড কাৰ্পেটত ৷ কিয়নো এই ৰেড কাৰ্পেটতেই বিস্ময়কৰ ফেশ্বন সম্ভাৰেৰে খোজ থয় নানা তাৰকা-মহাতাৰকা তথা আগশাৰীৰ মডেলসকলে। ১৩ মে’ত আৰম্ভ হৈ ২৪ মে’ত সামৰণি পৰিবলগীয়া এইবাৰৰ Cannes Film Festivalৰ ৰঙা দলিচাত সংযুক্তা দত্তৰ বস্ত্ৰৰ নতুন ফেশ্বনে দৃষ্টি হৰিলে অজস্ৰজনৰ লগতে ফেশ্বনপ্ৰেমী সকলৰ।

তাৰকা-মহাতাৰকা অভিনেতা-অভিনেত্ৰী আৰু মেগা মডেলৰ সমাৱেশেৰে উদুলি-মুদুলি হৈ পৰিছে ফ্ৰান্সৰ এই ঐতিহ্যমণ্ডিত ৰঙা দলিচা ৷ শুকুৰবাৰে যেতিয়া ভাৰতৰ সমাদৃত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ নৱতম বস্ত্ৰ সম্ভাৰেৰে তিনিগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সুন্দৰীয়ে কাঁৰ ৰঙা দলিচাত খোজ দিছিল তেতিয়া সৃষ্টি হৈছিল এক অভিনৱ চমকৰ। এক আড়ম্বৰপূৰ্ণ বয়নশৈলীৰে বস্ত্ৰ সম্ভাৰত সপোন ৰচা সংযুক্তা দত্তই পুনৰ এবাৰ অসমৰ হস্ততাঁতশালৰ গৌৰৱক বিশ্বৰ আটাইতকৈ গ্লেমাৰাছ মঞ্চখনত উজলাই তুলিলে । সংযুক্তা দত্তৰ হাতেৰে বোঁৱা উৰ্বোৎকৃষ্ট সাজ-পাৰে যেতিয়া বিশ্বৰ পৰিচিত তিনিগৰাকী সুন্দৰীৰ দেহত শোভা পাইছিল, তেতিয়া তাৰ ভাঁজে ভাঁজে চমকি উঠিছিল ভাৰতৰ চহকী বস্ত্ৰ ঐতিহ্য ।

শুকুৰবাৰে ৰেড কাৰ্পেটত বিশ্বৰ এগৰাকী প্ৰসিদ্ধ মডেল তথা মিচেছ ৱৰ্ল্ড কংগনিয়ালিটিৰ মুকুট বিজয়ী ভেলেৰিয়া হজেৰটেনেছে পৰিধান কৰা পোচাকত উজলি উঠিছিল প্ৰাচীন অসমীয়া লোককথাৰ পৰা অনুপ্ৰাণিত গাঢ় মটিফ থকা সংযুক্তা দত্তৰ সৃষ্টি।

আনহাতে, চকু চাটমৰা সৌন্দৰ্যৰ গৰাকী মিছেছ ইটালী তথা গ্ল’ব ছুপাৰমডেল মিৰ্কা হাৱাৰ্ড আছিল দ্বিতীয় গৰাকী মডেল যাৰ দেহত শোভা পাইছিল সংযুক্তা দত্তই ইউৰোপীয় ডিজাইনৰ সৈতে ভাৰতীয় ৰেচমৰ পাতল গুণা গঁথা শিল্পৰ সংমিশ্ৰণেৰে সৃষ্টি কৰা এযোৰ অভিনৱ পোচাক । ভাৰতীয় আৰু ইউৰোপীয় সংমিশ্ৰিত এই পোচাকে সমবেত ভিৰক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ৰঙাদলিচাৰ সমাৱেশত । তৃতীয় গৰাকী মডেল হ’ল জেছলিন ছ’নি ৷ সংযুক্তা দত্তৰ এটি আধুনিক ৰাজকীয় ডিজাইনৰ বস্ত্ৰ পৰিধান কৰি কাঁৰ ৰঙা দলিচাত খোজ দিওতে মূৰ ঘূৰাই চাবলৈ বাধ্য হৈছিল সমবেত সকল ।

উল্লেখযোগ্য যে, একেৰাহে পঞ্চম বছৰৰ বাবে কাঁ মহোৎসৱত ভাৰতীয় ফেশ্বনক প্ৰতিনিধিত্ব কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সংযুক্তা দত্তই ৷ গুৱাহাটীৰ জীয়াৰী সংযুক্তা দত্তই বিশ্বৰ প্ৰায়বোৰ আগশাৰীৰ ফেশ্বন উইক নাইবা প্ৰদৰ্শনীত ভাগ লৈ অসমৰ পৰম্পৰাগত তাঁতৰ শালত বোৱা পাট-মুগাক অসমীয়া শিল্পকলাৰ কাৰুকাৰ্য্যৰে জগত সভাত প্ৰতিষ্ঠা কৰাৰ নিৰৱচ্ছিন্ন প্ৰয়াস চলাই আহিছে । অসমীয়া বস্ত্ৰ শিল্পৰ শিপা খামুচি ধৰি থাকিও আধুনিক বস্ত্ৰ ফেশ্বনৰ সৈতে ফেৰ মাৰি আহিছে সংযুক্তা দত্তই।

লেকমে ফেশ্বন উইক (ইণ্ডিয়া), নিউয়ৰ্ক ফেশ্বন উইক, মিলান ফেশ্বন উইক, পেৰিছ ফেশ্বন উইককে ধৰি বিশ্বৰ প্ৰতিষ্ঠিত প্লেটফৰ্ম সমূত নিজৰ বস্ত্ৰ সংকলনসমূহ প্ৰদৰ্শন কৰা সংযুক্তা দত্ত আজিৰ তাৰিখত বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফেশ্বন শ্ব’বোৰত এক চিনাকী নাম। ভাৰতীয় সাজ-পাৰ আৰু পশ্চিমীয়া সাজ-পাৰৰ সংমিশ্ৰিত গোলকীয় ফেশ্বনৰ গ্লেমাৰ জগতত সুনাম আছে সংযুক্তাৰ সৃষ্টিৰাজীৰ । এসময়ত চৰকাৰী অভিযন্তাৰ চাকৰি এৰি গুলী-সূতা, চিলাই আৰু কেঁচিকে আপোন কৰি ব্যতিক্ৰমী সৃষ্টিৰ পথ বাচি লোৱা অসমীয়া নাৰীগৰাকীৰ সৃষ্টিয়ে এতিয়া অসমৰ তাঁতশালৰ ছন্দেৰে মুগ্ধ কৰি তোলে বিশ্বৰ ফেশ্বন অনুৰাগী সকলক ।

তথ্য-প্ৰযুক্তিৰ শীৰ্ষ আৰোহণৰ এই সময়ত বিশ্বৰ ফেশ্বন জগতত কেৱল বাস্তৱ পৰিস্থিতিৰ সৈতে খাপ খোৱা আৰু সংপৃক্ততাকহে প্ৰাধান্য দিয়ে ৷ আনহাতে কাঁৰ ৰেড কাৰ্পেটৰ দৰে এখন উচ্ছতম প্লেটফৰ্মত দৰ্শকৰ মনোযোগ আকৰ্ষণ লাভ কৰাটোও এক কঠিন সাফল্য ৷ কিন্তু সংযুক্তা দত্তৰ নতুন ভাৰতীয় আৰু পশ্চিমীয়া ফেশ্বনৰ যুগলবন্দীৰে সৃষ্ট বস্ত্ৰ সম্ভাৰ বিশ্বত পৰিচিত তিনিগৰাকী সুন্দৰীৰ দেহত উপস্থিতি আছিল অনন্য আৰু অভিনৱ ৷

ভাৰতীয় হস্ততাঁতক বিশ্ব মঞ্চত নিজৰ সঠিক স্থানলৈ উন্নীত কৰাৰ উদ্দেশ্যেৰে সংযুক্তা দত্তৰ এয়া এক নিৰৱচ্ছিন্ন প্ৰয়াস বুলিব পাৰি ৷ সংযুক্তা দত্তৰ সৃষ্টিৰ বস্ত্ৰ পিন্ধি তিনিগৰাকী তাৰকা সুন্দৰী মডেলে যেতিয়া কাঁৰ ৰঙা দলিছাত খোজ দিছিল কেমেৰাৰ ফ্লাচবোৰে পোহৰাই তুলিছিল পৰিৱেশটো৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো প্ৰশংসা লাভ কৰিলে সংযুুক্তা দত্তৰ কাঁৰ ৰঙা দলিচাত প্ৰদৰ্শিত নতুন ফেশ্বনৰ সাজ-পোচাকে। এক কথাত কাঁৰ ৰঙা দলিচাত পঞ্চমবাৰৰ বাবে এগৰাকী অসমীয়াই আন্তঃৰাষ্টীয় ফেশ্বন জগতত সুদৃঢ় কৰিলে অসম আৰু স্বদেশৰ নাম ।

You might also like