বাগানপাৰাত দুৰ্বৃত্তৰ অস্ত্ৰাঘাত, লুটি নিলে অৰ্ধলক্ষাধিক টকা
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ বাক্সাৰ বাগানপাৰাত নৱবৰ্ষৰ প্ৰথম দিনটোতে অঘটন। ষ্টেইন মাইক্ৰো ফাইনেঞ্চৰ ফিল্ড অফিচাৰ হাচান আলীয়ে মহিলাৰ পৰা ধন সংগ্ৰ্হ কৰি বাক্সাৰ দক্ষিণকুছিলৈ বুলি আহি থকা অৱস্থাত বাগানপাৰা আৰক্ষী চকীৰ টিকৰা চকৰ সমীপত পালচাৰ বাইকেৰে অহা দুজন যুৱকে হাচান আলীক ৰখায় বেগটো নিবলৈ চেষ্টা চলাই ব্যৰ্থ হৈ যৱক দুজনে দুই হাতত চোকা অস্ত্ৰৰে ঘপিয়াই নগদ ৫৪,৫২৫ টকাৰ লগতে টেবলেট বেগসহিতে যাৱতীয় নথিপত্ৰ লৈ উধাও হয়। ইয়াৰ পিছতে ১০৮ এম্বুলেঞ্চ সেৱাৰে তেজেৰে লুতুৰি পুতুৰি হৈথকা হাচানক মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও হাচান আলীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আজি আবেলি সংঘটিত ঘটনা সন্দৰ্ভত ষ্টেইন ফাইনেঞ্চৰ বিষয়া কৰ্মচাৰীসকলে বাগানপাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত বাগানপাৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি যুগুত কৰালৈ দুস্কৃতিকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।
প্ৰেৰক চাণক্য বৈশ্য