🔹 চোৰৰ কাণ্ডত হতবাক জনতা
নিয়মীয়া বাৰ্তা, ১২ মে’ : এটা ভয়ংকৰ চুৰিৰ ঘটনাই টিংখাঙৰ দুখনকৈ গাঁৱৰ বহু পৰিয়াললৈ নমাই আনিলে অন্ধকাৰ। টিংখাঙৰ শালমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কদমনি গাঁৱৰ বিদ্যুৎ সংযোগী ট্ৰেন্সফৰ্মাৰটো নিশা চোৰে চুৰ কৰি লৈ যায়। ইয়াৰ পিছৰে পৰা গাঁওখনলৈ নামি আহিল অন্ধকাৰ। কালি মাজনিশা সংঘটিত হয় এই চুৰিকাণ্ড। চোৰে লৈ যায় গাঁওখনৰ বিদ্যুৎ ট্ৰেন্সফৰ্মাৰৰ ভিতৰত থকা সকলোবোৰ সা-সৰঞ্জাম । যাৰ বাবে এতিয়া প্ৰায় ৫০-৬০টা বাসগৃহত বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে। ইতিমধ্যে, গাঁওবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে । আনহাতে, চোৰক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে গাঁওবাসীয়ে । উল্লেখযোগ্য যে এটা বিদ্যুৎ সৰবৰাহ হৈ থকা ট্ৰেন্সফৰ্মাৰৰ ভিতৰত থকা সা-সৰঞ্জামসমূহ কেনেদৰে চুৰ কৰিবলৈ সক্ষম হ’ল, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। এই ঘটনাত দুষ্কৃতিকাৰীৰ সৈতে বিদ্যুৎ বিভাগৰ অভিজ্ঞ ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কাৰণ সাধাৰণ চোৰে বিদ্যুতৰ লগত জীৱন-মৰণৰ খেল খেলি এই ঘটনা সংঘটিত কৰিবলৈ মৰসাহ কেতিয়াও নকৰে।
প্ৰেৰক কৃষ্ণ গগৈ