ক্ৰাইম থ্ৰিলাৰ পাতাললোকৰ দ্বিতীয় খণ্ডত উজলিল অসমীয়া
তৃষ্ণা দেৱীৰ প্ৰতিবেদন, ২২ জানুৱাৰীঃ সমালোচক প্ৰশংসিত ক্ৰাইম থ্ৰিলাৰ পাতাল লোকৰ দ্বিতীয় খণ্ডত অসমৰ প্ৰতিভাই বিশেষ স্থান লাভ কৰিছে। জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কেনী দেউৰী বসুমতাৰী, পৰিচালক জাহ্নু বৰুৱা আৰু অভিনেতা বোধিসত্ত্ব শৰ্মাই এই শৃংখলাৰ জৰিয়তে নিজৰ প্ৰতিভাৰ এক নতুন দিশ উদ্ঘাটন কৰিছে। লোকেল কুংফুৰ বাবে জনপ্ৰিয় কেনী দেউৰী বসুমতাৰীয়ে এই ধাৰাবাহিকত এটি মনোমোহা কামিঅ’কৰিছে, যাৰ উপস্থিতিয়ে ধাৰাবাহিকখনক এক উজ্জ্বল আৰু নতুন দিশ যোগ কৰিছে। পদ্মভূষণ বঁটাপ্ৰাপ্ত প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই এই শৃংখলাত “কেন” নামৰ এগৰাকী গুৰুত্বপূর্ণ চৰিত্ৰৰ ভূমিকাত অভিনয় কৰিছে। এজন নগা সম্প্রদায়ৰ পুৰোহিত হিচাপে তেওঁৰ এই চৰিত্ৰই শৃংখলাটোৰ ৰাজনৈতিক আৰু সামাজিক দিশসমূহৰ গভীৰতা বৃদ্ধি কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় সংস্কৃতি আকৰ্ষণীয়ভাৱে প্ৰদৰ্শন কৰিছে। ইয়াৰ উপৰি শৃংখলাটোৰ এটা বিশেষ আকৰ্ষণ হৈ উঠিছে উদীয়মান অসমীয়াৰ প্ৰতিভা বোধিসত্ত্ব শৰ্মা। খুদা হাফিজ : চেপ্টাৰ ২, অগ্নি পৰীক্ষা আৰু কেণ্ডিত নজৰকাড়া অভিনয়ৰ বাবে জনপ্ৰিয় বোধিসত্ত্বই পাতাল লোকত তেওঁৰ চমকপ্ৰদ অভিনয়েৰে দৰ্শকৰ মন জিনিবলৈ সক্ষম হৈছে। পাতাল লোকৰ জৰিয়তে অসমীয়াৰ কৃতিত্বৰ এই সন্মানজনক পৰিচয়ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত অধিক সুযোগৰ পথ প্ৰশস্ত কৰাৰ বাবে আশাপ্ৰদ বুলিব পৰা যায়।