নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাৰ সমীপৰ ৰাণীগঞ্জ বজাৰত গুলীচালনা

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমীপৰ ৰাণীগঞ্জ বজাৰত যোৱাকালি ফুট গধূলি এছবিআইৰ গ্ৰাহক সেৱা কেন্দ্ৰত দূৰ্বৃত্ৰৰ গুলি চালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন যুৱকক কৰায়ত্ত কৰি শোধপোচ চলাই থকা বুলি জানিব পৰা গৈছে। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে শোধপোচ চলাই থকা যুৱকদ্বয় বিলাসীপৰা বেলতলীৰ নুৰ ইছলাম আৰু চাপৰ শালকোছাৰ আখতাৰ ওৰফে আব্বাছ বুলি মোবাইল ফোনযোগে হোৱা এক কথপোকথনত সদৰি কৰিছে। যুৱক দুজনৰ এটা মেগাজিন উদ্ধাৰ হোৱাৰ উপৰিও যোৱাকালিৰ ঘটনাত দূৰ্বৃত্ৰৰ দলটোৱে ব্যৱহাৰ কৰা মটৰ চাইকেলখন অঞ্চলটোৰ লক্ষীগঞ্জৰ শুক্লাটাৰীৰ পৰা উদ্ধাৰ কৰা হোৱা বুলিও সদৰি কৰিছে আৰক্ষী অধীক্ষকে সিঙে। উল্লেখ্য যে, যোৱাকালি ফুট গধূলি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমীপৰ ৰাণীগঞ্জ বজাৰত মটৰচাইকেলত অহা তিনিজনীয়া দূৰ্বৃত্তৰ দলে অঞ্চলটোৰ এটা এছবিআইৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুলি চালনা কৰি পলায়ন কৰিছিল। দলটোৰ গুলিচালনাত এছবিআইৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰী অবাইদূৰ ৰহমান প্ৰধানীকে ধৰি পোষ্ট অফিচৰ কালেক্টৰ ৰতন ৰায় নামৰ আন এজন ব্যক্তিও গুলিবিদ্ধ হৈছিল। অবাইদূৰ ৰহমান প্ৰধানীৰ পেট আৰু ভৰিত গুলি লগাৰ বিপৰীতে ৰতন ৰায়ৰ বুকুত গুলি লাগিছিল। স্থানীয় লোকৰ তৎপৰতাত যোৱাকালিয়েই প্ৰধানীক উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ আৰু ৰতন ৰায়ক বঙাইগাঁওৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। পিছলৈ গৈ প্ৰধানীকো উন্নত চিকিৎসাৰ বাবে বঙাইগাওঁলৈ নিয়া হোৱা বুলি প্ৰকাশ। শেহতীয়াকৈ জানিব পৰা মতে, গুলিবিদ্ধ হোৱা সেই দুই গৰাকী ব্যক্তি বৰ্তমানে সুস্থিৰ অবস্থাত আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like