নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তীৰ বৰ্ণিল শুভাৰম্ভ 

নিয়মীয়া বার্তা, ৩০ অক্টোবৰঃ ১৯৯৮ চনতে ঢকুৱাখনা সমজিলাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী বিদ্বৎ সমাজৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা উচ্চশিক্ষাৰ বাটকটীয়া হাৰ্হি মহাবিদ্যালয়ে গুণগত জ্ঞানৰ গৰিমা বিলাই অতিক্ৰম কৰিলে গৌৰৱময় ২৫টি বৰ্ষ। বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে হাৰ্হি মহাবিদ্যালৰ ৰূপালী জ়য়ন্তী মহোৎসৱ। বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গোবিন্দপুৰস্থিত হাৰ্হি মহাবিদ্যালয়ৰ প্ৰাংগনত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। পুৱা ৯ বজাত উদযাপন সমিতিৰ সম্পাদক তথা অধ্যক্ষ ড৹ মানসজ্যোতি নেওগে মহাবিদ্যালয়ৰ পতাকা আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ক্ষীৰোদ শইকীয়াই ৰূপালী জয়ন্তী মহোৎসৱৰ মূল পতাকাৰ লগতে অন্যান্য ২৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে সৰ্বমুঠ পঁচিছশখন পতাকা উত্তোলন কৰি ৰূপালী জয়ন্তীৰ প্ৰথম দিনৰ দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰে। পতাকা উত্তোলনৰ পূর্বে উদ্যাপন সমিতিৰ সদস্যাসকলে আৰু মহাবিদ্যালয়ৰ ছাত্রীসকলে আটাইকে ফুলাম গামোচাৰে আদৰণি জনায়।ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ টংক ৰাজখোৱাই।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ সন্মলনীয়ে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা নৱ-নিৰ্মিত মুখ্য তোৰণ উদ্বোধন কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই। ইয়াৰ পিছতে ঢকুৱাখনা সম জিলাৰ স্বাস্থ্য বিষয়া ডাঃ অতুল চন্দ্ৰ খাউণ্ডে। দুপৰীয়া ১২.৩০ বজাত মঞ্চ উদ্বোধন কৰেধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ নাথ বৰুৱাই। উদ্ধোধনী ভাষণত ড° বৰুৱাই কয় -শিক্ষা হৈছে সমাজ পৰিবৰ্তনৰ আহিলা।শিক্ষাৰ অবিহনে সমাজ এখন পৰিবৰ্তন সম্ভৱ হ’ব নোৱাৰে।সমাজক পৰিবৰ্তন কৰাৰ ক্ষেত্ৰত শিক্ষাই সমাজক জগাই তোলে। শিক্ষাৰ জ্ঞান নহ’লে সমাজৰ অন্তৰদৃষ্টি জাগ্ৰত হ’ব নোৱাৰে।শিক্ষাই সমাজৰ অন্তৰদৃষ্টি জাগ্ৰত কৰি তোলে।এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ শিক্ষাৰ জ্ঞান আহৰণ কৰাতো বৰ প্ৰয়োজন বুলি বক্তব্যত উল্লেখ কৰি তেওঁ লগতে আৰু কয় যে শিক্ষাৰ জ্ঞান নহ’লে এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়।শিক্ষাৰ জ্ঞানে শিক্ষাৰ্থীৰ চকু পোহৰাই কৰি তোলে।আন্ধাৰৰ পৰা পোহৰৰ বাটলৈ আগুৱাই লৈ যাব পাৰে। দুপৰীয়া ১-৩০ বজাত ৰূপালী জয়ন্তী মহোৎসৱ উপলক্ষে জিতু কুমাৰ চমুৱাৰ সম্পাদনাত প্ৰকাশ হোৱা স্মৃতিগ্ৰন্থ ‘স্বপ্নদ্ৰষ্টা হার্হি’ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিত শৰ্মাই। গ্ৰন্থ উন্মোচনী ভাষণত ডঃ শৰ্মাই কয় যে হিতাধিকাৰী সৃষ্টি কৰি ৰাজ্য এখনৰ নাগৰিক সকলক স্বাৱলম্বী কৰিব নোৱাৰি। দেশৰ বা ৰাজ্যৰ নাগৰিক সকলক স্বাৱলম্বী কৰিবলৈ হ’লে চৰকাৰে মূলতঃ তিনিটা সুবিধা প্ৰদান কৰিব লাগিব। চৰকাৰে নাগৰিকক সুস্থ শিক্ষা, সুস্থ-সুলভ চিকিৎসা আৰু সুচল যাতায়তৰ ব্যৱস্থা প্ৰদান কৰিলে নাগৰিকসকল আপোনা-আপুনি স্বাৱলম্বী হৈ দেশক উন্নয়নৰ দিশত আগুৱাই নিব। ইয়াৰ বাবে হিতাধিকাৰী সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই। চৰকাৰৰ হিতাধিকাৰী সৃষ্টি নীতিৰ কঠোৰ সমালোচনা কৰি তেওঁ কয় যে চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি আমাৰ সাধনা আৰু আত্মাক হত্যা কৰা হৈছে। আনহাতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা প্ৰসঙ্গত কয় যে অসমীয়া ভাষাৰ স্ব-স্বাভিমানী যাত্ৰাটো আমি আমাৰ নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ যাব লাগিব।কেৱল ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে ভাষাটোক ৰক্ষা কৰিব নোৱাৰে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত দুখ-বেজাৰ পোৱা সকলক এঘৰীয়া কৰিবৰ সময় হ’ল। যিসকলে জাতিৰ গৌৰৱৰ আনন্দৰ সময়ত বেয়া পাই সেই সকলেই আমাৰ জাতিক বিপথে পৰিচালিত কৰিছে। সেইসকলে কিন্তু চৰকাৰী বঁটা-বাহন আগ্ৰহৰে গ্ৰহণ কৰে। অসমীয়া ভাষা জীয়াই থাকিলেহে জাতিটোৰ জীয়াই থাকিব। প্ৰথমতে আমি বিশুদ্ধ অসমীয়া তাৰ পিছতহে আমি ভাৰতীয় বুলি তেওঁ উল্লেখ কৰে। গ্ৰন্থ উন্মোচনী সভাতে স্থানীয় কেইবাগৰাকী লেখক-লেখিকাৰ ভিন্ন বিষয়ৰ অন্য তিনিখনকৈ গ্ৰন্থও উন্মোচন কৰা হয়।বিয়লি ‘নতুন শিক্ষানীতি -২০২০ আৰু সংস্থাপনৰ সম্ভাৱনীয়তা’ শীৰ্ষক আলোচনা সত্ৰ অনুস্থিত হয়। লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মনোজ্ঞ আলোচনা সত্ৰত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল শইকীয়া আৰু চন্দ্ৰকান্ত বেজবৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° দীপক শৰ্মাই আলোচক হিচাপে অংশগ্ৰহণ কৰে। আলোচনাত দুয়োজন আলোচকে শিক্ষাৰ সমগ্ৰ ব্যৱস্থাৰ লগত জড়িত মূল্যবোধ শিক্ষা, চৰিত্ৰ গঠন, আধ্যাত্মিকতা ইত্যাদি দিশসমূহৰ আলোচনা কৰাৰ লগতে বহুমুখী গৱেষণা,আবেগিক বুদ্ধিমত্তা, শিক্ষাত মাতৃভাষাৰ গুৰুত্ব ইত্যাদি বিভিন্ন দিশত মননশীল বিশ্লেষণ দাঙি ধৰে। অহা ১ নৱেম্বৰত সামৰণি পৰিব হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ অনুষ্ঠান। মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহন কৰিব।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like