নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামময় চৌদিশ : জয় শ্ৰীৰাম ধ্বনি-শংখৰ নিনাদত মুখৰিত আকাশ-বতাহ

বিশেষ বাৰ্তা, ২২ জানুৱাৰী : চৌদিশে  কেৱল গগন বিয়পা জয় শ্ৰীৰাম ধ্বনি। আকাশ-বতাহ কঁপাই  আয়তীৰ উৰুলি, শংখৰ নিনাদৰ সমানে জয় শ্ৰীৰাম ধ্বনি। সমগ্ৰ দেশতে আজি এনে পৰিৱেশ বিৰাজ কৰিছে। সমান্তৰালকৈ বিভিন্ন ঠাইত শোভাযাত্ৰা, পূজা-প্ৰাৰ্থনাৰে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তৰ সাক্ষী হৈ ৰয় অসমবাসী। ৰাজ্যৰ আন ঠাইৰ দৰে লখিমপুৰতো একেই পৰিৱেশ। অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে জয় শ্ৰীৰাম ধ্বনিত আকাশ-বতাহ কঁপি উঠে। বিভিন্ন মন্দিৰ-নামঘৰত পূজা-অৰ্চনা, শংখ-ডবা-কাহৰ ধ্বনি, আয়তীৰ উৰুলিৰে মুখৰিত হৈ পৰে। লখিমপুৰৰ বিভিন্ন স্থানত এনে পৰিৱেশ সৃষ্টি হয়। নগৰৰ ঠাকুৰবাৰী মন্দিৰত বিশাল আয়োজনেৰে অযোধ্যাৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ লগতে বিভিন্ন পূজা-অৰ্চনা কৰা হয়। অসংখ্য লোকৰ সমাগমে মন্দিৰটোত বিৰ দি বাট নোপোৱা পৰিৱেশ সৃষ্টি হয়। আনহাতে, হিন্দু যুৱ-ছাত্র পৰিষদে নগৰৰ মাজেৰে এক সমদল উলিয়ায়। নগৰৰ ত্যাগ ক্ষেত্রৰ পৰা পৰিষদে সমদল কৰি সমগ্র নগৰখন পৰিভ্ৰমণ কৰে। জিলাখনত এনে পৰিৱেশত যাতে বিঘিনি ঘটিব নোৱাৰে, তাৰ বাবে চৌদিশে আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লোক নিয়োগ কৰা হয়। স্পৰ্শকাতৰ এলেকাসমূহত চোকা দৃষ্টি ৰাখে আৰক্ষী প্ৰশাসনে। আজিৰ ঐতিহাসিক দিনটো স্মৰণীয় কৰি ৰাখিবলৈ বিভিন্ন ধৰ্মানুষ্ঠানে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ সমানে আধ্যাত্মিক কাৰ্য্যসূচী গ্ৰহণ কৰে। যাৰ বাবে মংগল ধ্বনি, জয় শ্ৰীৰাম ধ্বনিৰে আকাশ-বতাহ মুখৰিত হয়।

 

প্ৰেৰক জীৱন গোস্বামী

You might also like