নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত চোৰাং কাঠসহ বলেৰ’ পিকআপ বাহন জব্দ

নিয়মীয়া বাৰ্তা, ১ জুন : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত বন বিভাগে চোৰাং কাঠসহ এখন বলেৰ’ পিকআপ বাহন জব্দ কৰে । জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি আজি চাৰিদুৱাৰ বন বিভাগে চলোৱা এক অভিযানত চাৰিদুৱাৰৰ বগীজুলি দিশৰ পৰা চাৰিদুৱাৰ অভিমুখে আহি থকা অৱস্থাত এ এছ-১২ বি চি-৬১০৮ নম্বৰৰ বলেৰ’ পিকআপ বাহনেৰে কঢ়িয়াই নি থকা অৱস্থাত কাঠসহ গাড়ীখন গড়মৰাত জব্দ কৰিবলৈ সক্ষম হয় । লগতে এজন সৰবৰাহকাৰীকো আটক কৰে বন বিভাগে । জব্দকৃত কাঠখিনিৰ মূল্য ৫০ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like