🔹 বাংলাদেশী–ৰহিংগ্যাৰ বিৰুদ্ধে অব্যাহত অভিযান
বিশেষ বাৰ্তা, ২৯ মে’ : কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশৰ পাছতে অবৈধ বাংলাদেশী আৰু ৰহিংগ্যা নাগৰিকৰ বিৰুদ্ধে ৰাজ্যত অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ ইতিমধ্যে ৰাজধানী মহানগৰ গুৱাহাটীকে ধৰি ভিন্ন প্রান্তৰ পৰা বহুসংখ্যক এনে অনুপ্রৱেশকাৰীক আটক কৰা হৈছে৷ ইয়াৰ মাজতে অসম আৰক্ষীৰ সঞ্চালকপ্রধানৰ কার্যালয়ৰ তৰফৰ পৰা প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ জাৰি কৰা হৈছে এক গুৰুত্বপূর্ণ নির্দেশনা৷ য’ত সন্দেহজনক নাগৰিক তথা ডি–ভোটাৰসকলৰ তালিকা প্রস্তুত কৰিবলৈ আৰক্ষী অধীক্ষকসকলক কোৱা হৈছে৷ তালিকা প্রস্তুত কৰাৰ পাছতে অবৈধ বাংলাদেশী আৰু ৰহিংগ্যাৰ বিৰুদ্ধে ব্যাপক ৰূপত অভিযান চলোৱা হ’ব বুলি অসম আৰক্ষীৰ এক শীর্ষ সূত্রত প্রকাশ৷ উল্লেখ্য যে শেহতীয়াকৈ গৃহ মন্ত্রালয়ে প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰক বাংলাদেশী আৰু ৰহিংগ্যা অনুপ্রৱেশকাৰীক চিনাক্ত–আটক কৰাৰ লগতে তেওঁলোকৰ নথি–পত্র পৰীক্ষাৰ অন্তত বিতাড়নৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছিল৷ ইয়াৰ বাবে গৃহ মন্ত্রালয়ে সময়সীমা নির্ধাৰণ কৰি দিছে ৩০ দিন৷ এনে নির্দেশনাৰ পাছতে অসম চৰকাৰ তথা আৰক্ষী তৎপৰ হৈ পৰে৷