নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুর্থ বর্ষপূর্তিত ড০ শর্মা চৰকাৰক অভিনন্দন ৰাজ্যিক বিজেপিৰ

🔹 সেৱা–সমর্পণৰ সংকল্পই চৰকাৰৰ কাম-কাজক মহীয়ান কৰিছে : দিলীপ শইকীয়া

বিশেষ বাৰ্তা, ১০ মে’ : ‘অসমৰ মুখ্যমন্ত্রী ড০ শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সফল, দীপ্ত আৰু পৰিৱর্তনৰ বতৰা বহন কৰা শাসনৰ চাৰি বছৰ সম্পূর্ণ হোৱাৰ সময়ত মুখ্যমন্ত্রীক আন্তৰিক অভিনন্দন জনাইছোঁ৷ অসমৰ ৬৫ লাখৰো অধিক বিজেপি কার্যকর্তাৰ তৰফৰ পৰা  মুখ্যমন্ত্রী ড০ শর্মাৰ দূৰদর্শী নেতৃত্ব আৰু ৰাজ্যৰ উন্নয়ন আৰু সমৃদ্ধিৰ প্রতি অবিৰত উৎসর্গিত মনোভাবৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷’– এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ৷ চৰকাৰৰ বর্ষপূর্তি সন্দর্ভত প্রকাশ কৰা এক বিবৃতিত বিজেপিৰ ৰাজ্যিক সভাপতি শইকীয়াই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীর্বাদ আৰু পথ প্রদর্শনত অনুপ্রাণিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ জনতাৰ আশা–আকাংক্ষাক বাস্তৱ ৰূপ দানত সক্ষম হৈছে৷ চৰকাৰৰ শাসন পদ্ধতি আজি বিকাশমুখী, অন্তর্ভুক্তিমূলক আৰু স্বচ্ছ প্রশাসনৰ উজ্জ্বল উদাহৰণ হিচাপে প্রতিষ্ঠিত হৈছে৷ যোৱা চাৰি বছৰত অসমৰ বিভিন্ন ক্ষেত্র–পৰিকাঠামো নির্মাণ, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, অর্থনৈতিক বিকাশ আদিত চমকপ্রদ অগ্রগতি সাধিবলৈ সক্ষম হৈছে৷ এই সকলোবোৰ সফলতা ‘সবকা চাথ সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’ৰ মূলমন্ত্রৰ সুদৃঢ় প্রতিফলন৷ এই সকলো প্রাপ্তিৰ মূলতে আছে অসমৰ জনতাৰ অটুট আশীর্বাদ, মৰম, সমর্থন আৰু সহযোগিতা৷ জনতাৰ এই ভালপোৱা আৰু বিশ্বাসেই চৰকাৰৰ ভিত্তি মজবুত কৰি বিজেপিকো অধিক উৎসাহ আৰু দায়িত্বৰ সৈতে সেৱা আগবঢ়াবলৈ উৎসাহিত কৰিছে৷ বর্তমান ৰাষ্ট্রীয় সীমান্তৰ সংবেদনশীল পৰিস্থিতিৰ প্রতি গভীৰ অনুভূতি প্রকাশ কৰি আৰু আমাৰ বীৰ জোৱানসকলৰ অতুলনীয় বলিদানলৈ আন্তৰিক শ্রদ্ধা জ্ঞাপন কৰি অসম বিজেপিয়ে উলহ–মালহেৰে বর্ষপূর্তি অনুষ্ঠান পালন নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ বর্তমান সময় দেশৰ সুৰক্ষাৰ অটল প্রতিশ্রুতি বহন কৰা নিৰাপত্তা বাহিনীৰ হকে ঐক্যবদ্ধভাৱে থিয় হোৱাৰ সময় বুলি সভাপতি শইকীয়াই মন্তব্য কৰে৷ চৰকাৰৰ বর্ষপূর্তিৰ সময়ত অসম বিজেপিয়ে একতা, নম্রতা আৰু অক্লান্ত সেৱাৰ মানসিকতাৰ সৈতে ৰাজ্যবাসীক আগবঢ়াই লৈ যোৱাৰ বাবে দৃঢ় সংকল্পৰ বিষয়ে দোহাৰে৷

You might also like