নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰুবালা ৰাভাৰ চিকিৎসা ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে

🔹 মুখ্যমন্ত্রী ড০ শৰ্মাৰ নির্দেশত জিএমচিএইচত মন্ত্রী পাটোৱাৰী

বিশেষ বাৰ্তা, ১১ মে’ : দুৰাৰোগ্য কর্কট ৰোগত আক্রান্ত হৈ মহানগৰীৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত চিকিৎসাধীন হৈ থকা বিশিষ্ট সমাজকর্মী বীৰুবালা ৰাভাৰ চিকিৎসাৰ সমস্ত ব্যয় বহন কৰাৰ কথা ৰাজ্য চৰকাৰে ঘোষণা কৰিছে৷ উল্লেখ্য যে যোৱা ২২ এপ্রিলৰ পৰা অসুস্থ হৈ থকা বীৰুবালা ৰাভাক হাস্পতালত ভর্তি কৰোৱাৰ পাছত শ্বাস–প্রশ্বাসজনিত সমস্যা অধিক হোৱাৰ পৰিপ্রেক্ষিতত যোৱা চাৰি মে’ত তেওঁক আইচিইউলৈ প্রেৰণ কৰা হৈছে৷ বর্তমানেও আইচিইউত জীৱন–মৰণৰ সৈতে যুঁজ কৰি থকা অন্ধবিশ্বাসবিৰোধী যুঁজখনৰ অগ্রণী সেনানী বীৰুবালা ৰাভাক আজি হাস্পতালত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত কেবিনেট মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়৷ মন্ত্রী পাটোৱাৰীয়ে অকল স্বাস্থ্যৰ বুজ লোৱাতে ক্ষান্ত নাথাকি সমাজকর্মীগৰাকীক চিকিৎসা আগবঢ়োৱা চিকিৎসকৰ দলৰ সৈতেও আলোচনাত মিলিত হয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত হাস্পতাললৈ অহা কেবিনেট মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে সমাজকর্মী বীৰুবালা ৰাভাৰ জীয়ৰী কুমলী ৰাভাক চিকিৎসাৰ বাবে প্রয়োজনীয় সকলো ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ প্রতিশ্রুতি দিয়ে৷ ইপিনে, মন্ত্রীগৰাকীক সাক্ষাতৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সমাজকর্মী বীৰুবালা ৰাভাৰ জীয়ৰী কুমলী ৰাভাই মুখ্যমন্ত্রীয়ে মাতৃৰ চিকিৎসাৰ সকলো ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি দিয়া প্রতিশ্রুতিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেওঁ কয় যে অসম চৰকাৰে সকলো সুবিধা দিছে৷ চিকিৎসকেও মাক ভালদৰেই পৰিচর্যা কৰি আছে৷ সমাজকর্মীগৰাকীৰ চিকিৎসাত নিয়োজিত চিকিৎসকৰ দলটোৱে জানিবলৈ দিয়া মতে, সমাজকর্মী বীৰুবালা ৰাভা কর্কটৰ তৃতীয় পর্যায়ৰ সংক্রমণত আক্রান্ত হৈ আছে৷ ইতিমধ্যে ৰেডিয়েচন আৰু কেম’থেৰাপী তেওঁক দিয়া হৈ গৈছে৷ আজি পর্যন্ত ৬ ইউনিট তেজ আৰু এলবুমিন সমাজকর্মীগৰাকীক দিয়া হৈছে৷ পূর্বৰ তুলনাত তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছে৷ কিছুদিন চিকিৎসালয়ত তেওঁ থাকিব লাগিব৷ উল্লেখ্য যে কর্কট ৰোগত আক্রান্ত হৈ হাস্পতালত ভর্তি হৈ থকা সমাজকর্মী বীৰুবালা ৰাভাৰ চিকিৎসাৰ বাবে আজি নগদ দুই লাখ টকাৰ চেক আগবঢ়ালে এন বি নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসে৷ সমাজকর্মীগৰাকীৰ কন্যা কুমলী ৰাভাৰ হাততে চেকখন প্রদান কৰে এন বি নিউজৰ উপ-সভাপতি জিতু চৌধুৰী, মহাপ্রবন্ধক দাদুমণি বৰা আৰু পৰিচালন সম্পাদক ঋতুস্মিন শর্মাই৷ ইপিনে, সমাজকর্মী বীৰুবালা ৰাভাৰ লগতে কেবিনেট মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অসমীয়া ছবি জগতৰ প্রখ্যাত অভিনেত্রী বিদ্যা ৰাওৰ স্বাস্থ্যৰ অৱস্থাৰো বুজ লয়৷ হাস্পতালখনৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই সদৰী কৰা মতে, ভৰিত হোৱা আঘাতৰ বাবে বিগত ৩ মে’ৰ পৰা অভিনেত্রীগৰাকী জিএমচিএইচত চিকিৎসাধীন হৈ আছে৷ বর্তমান পূর্বতকৈ তেওঁৰ অৱস্থা ভাললৈ আহিছে৷ উল্লেখ্য যে সমাজকর্মী বীৰুবালা ৰাভাৰ লগতে অভিনেত্রী বিদ্যা ৰাওৰো চিকিৎসাৰ সমস্ত ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব৷

You might also like