নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুমুহাই কংগ্ৰেছক নাইকিয়া কৰিছে, কংগ্ৰেছৰ ক্ষতি কৰিছে : মন্ত্ৰী পীয়ূষ হাজৰিকা

🔹 ‘ধুমুহা আহিছে ভূপেন বৰাৰ ঘৰত, ধুমুহা আহিছে ৰাজীৱ ভৱনত, ধুমুহা আহিছে কংগ্ৰেছ পাৰ্টীত’

বিশেষ বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচন যিমানেই চমু চাপি আহিছে, ৰাজ্যৰ ৰাজনীতি সিমানেই উত্তাল হৈ পৰিছে। এনে সময়তে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই ‘ধুমুহা আহি আছে’ বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে আজি জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰীগৰাকীয়ে ওলোটাই ‘ধুমুহা ক’ত আহিছে’ বুলি প্ৰশ্ন কৰে। মন্ত্ৰীগৰাকীয়ে কয়- ক’ত ধুমুহা ? তেওঁলোকৰ দলততো সদায় ধুমুহা আহে, ধুমুহা আমালৈকে নাহে, তেওঁলোকৰ দললৈ সদায় ধুমুহা আহে। তেওঁলোকে সেইটোকে যদি কৈছে মই মানি ল’ব লাগিব। তেওঁলোকৰ কোনোবা বিধায়ক, ডাঙৰ ডাঙৰ নেতা, কাৰ্যকৰ্তা বিজেপিলৈ আহি আছে। গতিকে ধুমুহা হৈ আছে ভূপেন বৰাৰ ঘৰত, ধুমুহা হৈ আছে ৰাজীৱ ভৱনত, ধুমুহা হৈ আছে কংগ্ৰেছ পাৰ্টীত। আমাক ধুমুহাই একো কৰিব নোৱাৰে, কাৰণ অসমৰ মানুহ আমাৰ আগত আছে। ধুমুহা যদি আমালৈকে আহে অসমৰ মানুহে ধুমুহাক ভেটা দিবলৈকে আমাৰ আগত থিয় দিব, বিজেপি দলৰ আগত থিয় দিব। গতিকে কোনো ধুমুহাই আমাক একো কৰিব নোৱাৰে। ধুমুহাই অকল কংগ্ৰেছকহে নাইকিয়া কৰিছে, কংগ্ৰেছৰ ক্ষতি কৰিছে বুলি মন্ত্ৰী হাজৰিকাই কয়। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত কংগ্ৰেছৰ এলায়েন্স সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰি কয় যে তেওঁলোকৰ এয়া চাহমেল, ভোজভাত খোৱা এলায়েন্স, তাৰ বাহিৰে একো নহয়। যিকেইটা দল এই এলায়েন্সত আছে, দলকেইটাৰ নামো কোনেও নাজানে বুলি মন্ত্ৰীগৰাকীয়ে কয়। আচলতে এলায়েন্সৰ নামত কেইটামান ক্লাবে লগ লাগি চাহমেল কৰা, ভোজভাত খোৱা কামবোৰ কৰি আছে বুলি তেওঁ কয়। কংগ্ৰেছক ধুমুহাই এনেকে কোবাইছে যে তেওঁলোকে ক’ৰবাত সৰু ঘৰ এটাত বহি চাহ-ভাত খোৱাৰ বাহিৰে একো নাই বুলি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে।

You might also like