নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্যৰ আৱৰ্তত সোণাৰিৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যা

বিশেষ বাৰ্তা, ২ অক্টোবৰ : ৰাজ্য জোকাৰি যোৱা সোণাৰিৰ বিজেপি নেতা দেৱজিত হাজৰিকাৰ আত্মহননৰ ঘটনাত অভিযুক্ত তথা আত্মহত্যা টোকাত উল্লেখ থকা চাৰিজন ব্যক্তিৰ ভিতৰত তিনি জনকেই সোণাৰি আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ ১০৮/৩০৮ (২) ধাৰাত সোণাৰি আৰক্ষী থানাত ১১২/২০২৪নম্বৰত ইতিমধ্যে গোচৰ পঞ্জীয়ন হৈছে। বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃত্যু টোকাত উল্লেখ থকা চাৰি ব্যক্তি ক্রমে সাংবাদিকদ্বয় ৰফিক আহমেদ আৰু পৰিস্মিতা ফুকন বৈশ্য, প্রাক্তন বিডিঅ’ ৰঞ্জিত বুঢ়াগোহাঁই আৰু গুৱাহাটীৰ দুলাল বৰাকে এতিয়ালৈকে তদন্তৰ আওতালৈ আনিছে চৰাইদেউ আৰক্ষীয়ে। উল্লেখ্য, বিগত ১৯ ছেপ্টেম্বৰতে আত্মহত্যা কৰাৰ ঘটনাটোৱে ইতিমধ্যে ১৩টা দিন অতিক্রম কৰিছে যদিও ঘটনাৰ সঠিক তদন্ত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ, দেৱজিতৰ গাড়ীত উদ্ধাৰ হোৱা ছুইচাইড নোট সম্বলিত ডায়েৰীখনৰ চাৰিটা পৃষ্ঠাত দেৱজিতে আত্মহত্যাৰ বহুতো তথ্য লিপিবদ্ধ কৰি গৈছিল। কিন্তু আৰক্ষীয়ে ইয়াৰে মাত্র এটা পৃষ্ঠাহে সংবাদ মাধ্যম, দেৱজিতৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলক প্ৰদৰ্শন কৰিছিল। বাকী তিনিটা পৃষ্ঠাত দেৱজিতে কি লিখি ৰাখিছিল আৰক্ষীয়ে সেই সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই। তদুপৰি, দেৱজিতৰ ম’বাইলটো আৰক্ষীয়ে গাড়ীৰপৰা জব্দ কৰিছিল যদিও আত্মহনন কৰাৰ পূর্বে দেৱজিতে কাৰোবাৰ সৈতে কিবা কথা পাতিছিল বা বাটছ-এপ যোগে কিবা বার্তা প্ৰেৰণ কৰিছিল নেকি? কোনো বিশেষ ৰাজনৈতিক ব্যক্তিৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল নেকি এই সন্দর্ভতো আৰক্ষীয়ে এইপর্যন্ত কোনো তথ্য ৰাজহুৱা কৰা নাই। শেহতীয়াকৈ পোহৰলৈ আহিছে আন কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি মৃত্যুৰ আগদিনা ডিব্ৰুগড়লৈ চকু পৰীক্ষাৰ বাবে গৈছিল বিজেপি নেতা দেৱজিত হাজৰিকা। কিন্তু দেৱজিতৰ সৈতে আন কোন বক্তি আছিল নেকি সেই তথ্য উদ্ধাৰত গুৰুত্ব দিয়া নাই আৰক্ষীয়ে। তথ্য অনুসৰি, আত্মহত্যাৰ এদিন পূর্বে অর্থাৎ ১৮ ছেপ্টেম্বৰৰ বিয়লি ডিব্ৰুগড়ত চকু পৰীক্ষাৰ বাবে দেৱজিত হাজৰিকাই নিজৰ আই-২০গাড়ীৰে (এ. এছ ০৪ টি-১৩২৫) ৰাওনা হৈছিল আৰু নিশা ডিব্ৰুগড়ৰ এখন হোটেলত আছিল। ১৯ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত ভিজন প্লাছ নামৰ প্ৰতিষ্ঠানটোত দেৱজিতে চকু পৰীক্ষা কৰে। চকু পৰীক্ষা কৰাৰ ৰিচিপ্ট এখনো দেৱজিৎ হাজৰিকাৰ গাড়ীৰ ভিতৰত পোৱা হৈছিল। তেনেদৰে দেৱজিত হাজৰিকাৰ গাড়ীৰ ভিতৰত এটা চাবি পোৱা হৈছিল, ১১০ নম্বৰৰ ছাবিটো কোনো হোটেলৰ ৰুমৰ বুলি ঠাৱৰ কৰিব পাৰি। সন্দেহ কৰা মতে উক্ত চাবিটো দেৱজিত হাজৰিকাই ১৮ ছেপ্টেম্বৰৰ নিশা কটোৱা হোটেলখনৰ আছিল। সোণাৰি আৰক্ষীয়ে কিন্তু এই দুটা গুৰুত্বপূৰ্ণ তথ্যৰ আধাৰত এইপর্যন্ত কোনো তদন্ত চলোৱা নাই। ভিজন প্লাছৰ চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰিলে বহু তথ্য উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। আনহাতে, কোনখন হোটেলৰ ১১০ নম্বৰ কোঠাত দেৱজিত হাজৰিকাই ১৮ ছেপ্টেম্বৰৰ নিশা কটাইছিল, সেই বিষয়টো উদ্ধাৰত চৰাইদেউ আৰক্ষীয়ে গুৰুত্ব নিদিয়াতো ৰহস্যজনক। সাধাৰণতে হোটেলৰপৰা চেক আউটৰ সময়ত হোটেল কর্তৃপক্ষই কোনো গ্রাহককে চাবি দি নপঠায়। তেনেক্ষেত্রত দেৱজিৎ হাজৰিকাৰ গাড়ীৰ ভিতৰত চাবি কেনেকৈ উদ্ধাৰ হৈছিল এই লৈও ৰহস্যৰ সৃষ্টি হৈছে। নে উক্ত নিশাও দেৱজিতে হোটেলতে কটাইছিল? কোনো লোকে দেৱজিতক হোটেলৰপৰা নিশাই কৌশলেৰে মাতি আনিছিল নেকি? অন্যথা হোটেলৰপৰা ওলাই অহাৰ পাছতো দেৱজিতৰ গাড়ীত কেনেকৈ উদ্ধাৰ হৈছিল ১১০নম্বৰ কোঠাৰ চাবি? এনে বহু প্রশ্নই দেৱজিতৰ শুভাকাংক্ষীসকলৰ মনত উদয় হৈছে। কিন্তু আৰক্ষীৰ তদন্ততহে সঠিক তথ্য পোহৰলৈ আহিব। মনকৰিবলগীয়া যে, ৰাজ্য জোকাৰি যোৱা বিজেপি নেতা দেবজিত হাজৰিকাৰ আত্মহনন ঘটনাত উদ্ধাৰ হোৱা ছুইচাইড নোটত উল্লেখ থকা মাত্ৰ চাৰি বক্তিক লৈয়ে তদন্তকাৰী চৰাইদেউ আৰক্ষীয়ে তদন্তৰ জালখন সীমাবদ্ধ ৰখাত প্রয়াত দেৱজিৎ হাজৰিকাৰ পৰিয়াল আৰু জিলাবাসীয়ে সতর্কতাৰে নিৰীক্ষণ কৰিছে। তিল তিলকৈ মানসিক নির্যাতনৰ সন্মুখীন হৈ আত্মহননৰ পথ বাচি লোৱা বিজেপি নেতা দেৱজিত হাজৰিকাই চৰাইদেউ জিলা প্রশাসন, জিলা পৰিষদ, উন্নয়ন খণ্ড কাৰ্যালয়ৰ চৰকাৰী বিষয়া-আমোলাৰ পৰাও মানসিক হেঁচা-ভাবুকি লাভ কৰিছিল নেকি, সেই বিষয়টোও চৰাইদেউ আৰক্ষীয়ে তদন্তৰ আওতালৈ অনা নাই। বিজেপি নেতা দেৱজিত হাজৰিকাৰ আত্মহত্যা টোকাত থকা চাৰি অভিযুক্ত চিনাক্ত হোৱাৰ পাছতেই আৰক্ষীৰ তদন্তৰ গতি লেহেমীয়া হোৱা বুলি ৰাইজৰ মাজত ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। প্রাক্তন বিডিঅ’ ৰঞ্জিত বুঢ়াগোহাঁই, সাংবাদিক পৰিস্মিতা ফুকন বৈশ্যৰ লগতে কুখ্যাত আৰ টি আই কর্মী তথা ব্লেক-মেইলাৰ দুলাল বৰাক গ্ৰেপ্তাৰ কৰিয়েই । বিশেষ সফলতা লাভ কৰিছে বুলি চৰাইদেউ আৰক্ষীয়ে তদন্ত প্রক্রিয়া শিথিল কৰিব বিচাৰিছে। ইফালেদি, শেহতীয়াকৈ পোহৰলৈ – অহা তথ্য মতে, কুখ্যাত ব্লেক-মেইলাৰ দুলাল বৰাই সোণাৰিৰ ন আবর্ত ভৱনত এপ্রিল মাহৰ শেষাৰ্দ্ধত বাহৰ পাতিছিল আৰু জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ লোকক সাক্ষাৎ কৰিছিল। তদুপৰি, কুখ্যাত দালাল, ব্লেকমেইলাৰ দুলাল বৰাই ৰাজ্যৰ আন এক কুখ্যাত চুপাৰি চিণ্ডিকেটৰ অন্যতম নায়ক তথা এজন বিজেপি নেতাকো দুটা মাহৰ পূৰ্বে সাক্ষাৎ কৰিছিল। চুপাৰি চিণ্ডিকেটৰ জে’ল ফেৰৎ নায়কজনকো এতিয়ালৈকে চৰাইদেউ আৰক্ষীয়ে তদন্তৰ আওতালৈ কিয় অনা নাই এই লৈও ৰাইজৰ মাজত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰেৰক দীপাংকৰ পাল

You might also like