নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিন ধৰি নিৰুদ্দেশ ঢেকীয়াজুলিৰ কিশোৰী : চাঞ্চল্য

🔹 আৰক্ষী প্ৰশাসনক শীঘ্ৰেই উদ্ধাৰ কৰিবলৈ কাতৰ অনুৰোধ পৰিয়ালৰ

বিশেষ বাৰ্তা, ৩১ মাৰ্চ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰী এগৰাকী দুদিন ধৰি নিৰুদ্দেশ হৈ থকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত । ঘটনা সংক্ৰান্তত আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানলৈ কোনো সন্ধান নাই নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ । উল্লেখ্য যে ঢেকীয়াজুলিৰ ৮নং ৱাৰ্ড নিৱাসী দীপক নেৱাৰ (পিতৃ টমটম চালক) আৰু স্বপ্না নেৱাৰৰ নৱম শ্ৰেণীত পঢ়ি থকা কন্যাগৰাকী ২৯ মাৰ্চৰ পুৱা ৯ বজাত ঘৰৰ পৰা নিৰুদ্দেশ হয় ৷ পিতৃ আৰু মাতৃ নিজ কামৰ বাবে বাহিৰলৈ ওলাই যোৱাৰ পিছতে কিশোৰীগৰাকী সন্ধানহীন হয় । পুৱা ১১ বজাত ঘৰৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কিশোৰীগৰাকীয়ে লৈ যোৱা মাকৰ ফোনত ফোন কৰোঁতে গুৱাহাটীলৈ এগৰাকী বান্ধৱীৰ লগত যোৱা বুলি কয় ৷ কিশোৰীগৰাকীৰ মাতৃয়ে ফোনতে কিশোৰীগৰাকীক সোনকালে ঘৰলৈ ঘূৰি আহিবলৈ কোৱাত কিশোৰীগৰাকীয়ে ফোনৰ ছুইচ অফ কৰি দিয়ে বুলি জনায় ভুক্তভোগী মাতৃয়ে ৷
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে ২৯ মাৰ্চত কিশোৰীগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল কৰিছে যদিও দুদিনলৈকে কোনো সন্ধান নাই কিশোৰীগৰাকীৰ। ভুক্তভোগী পৰিয়ালৰ লোকে শোণিতপুৰ জিলা আৰক্ষী প্ৰশাসনক শীঘ্ৰেই তদন্ত কৰি কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like