নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাঃ শুৱালকুছিৰ বস্ত্রশিল্পলৈ মৃত্যুঘণ্টা; বজাৰৰ অভাৱত উৎপাদিত কাপোৰৰ নাই বিক্রী

নিয়মীয়া বাৰ্তা, ১১ জুনঃ প্রাচ্যৰ মানচেষ্টাৰ হিচাপে খ্যাত অসমৰ বস্ত্রনগৰী বুলি পৰিচিত শুৱালকুছিৰ বস্ত্রশিল্প উদ্যোগলৈ নামি আহিছে কালধুমুহা৷ দেশ–ৰাজ্যত দেখা দিয়া মহামাৰীসদৃশ ক’ৰোনা ভাইৰাছৰ দ্বিতীয় লহৰে ঐতিহ্যমণ্ডিত শুৱালকুছিৰ পাট–মুগাৰ বস্ত্রশিল্প প্রায় বিধ্বস্ত কৰি তুলিছে৷ ফলত দ্রুত হাৰত কমিবলৈ ধৰিছে তাঁতশালৰ সংখ্যা৷ প্রায় বিশ হাজাৰখন (পাট–মুগা–তচ) তাঁতশালে দিনে–নিশাই গিজগিজাই থকা শুৱালকুছিত এতিয়া মাত্র চাৰিৰ পৰা পাঁচ হাজৰখন মানহে তাঁতশাল আছে৷ সিও মৰো–জীয়োকৈ চলি আছে৷ যোৱা বছৰত ক’ৰোনাৰ বাবে দিয়া লকডাউনে শিল্পটোক বাৰুকৈয়ে কোঙা কৰি পেলোৱাৰ পিছত এইবাৰ আকৌ দ্বিতীয় লহৰে শিল্পটোক ধ্বংসৰ দিশলৈ ধাৱমান কৰা যেন পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে শুৱালকুছিৰ পাট–মুগা আৰু তচ কাপোৰৰ ব্যৱসায়ৰ ছিজনটো আৰম্ভ হয় ব’হাগ মাহৰ পৰা৷ বিশেষকৈ বিবাহক লৈয়ে শুৱালকুছিৰ বস্ত্রশিল্পৰ ব্যৱসায়৷ আকৌ অসমীয়াৰ নতুন বছৰত এযোৰ নতুন কাপোৰ কিনাৰো কিছুসংখ্যক মহিলাৰ পৰিকল্পনা থাকে৷ কিন্তু যোৱা বছৰত লকডাউনৰ বাবে দেশ–ৰাজ্যৰ লগতে বিদেশৰ বজাৰসমূহ বন্ধ হৈ পৰাত শুৱালকুছিৰ পাট–মুগাৰ কাপোৰত সাংঘাতিক ধৰণে লোকচান হয়৷ ফলত একাংশ ক্ষুদ্র ব্যৱসায়ীৰ তাঁতশালবোৰ বন্ধ হৈ পৰে৷ উৎপাদিত কাপোৰ বিক্রীৰ অভাৱত শিল্পটোত জডিত শিপিনী–বোৱনী আৰু যোগালীসকলক মজুৰি দিব নোৱাৰাত শুৱালকুছিৰ বাহিৰৰ বহুত শিপিনী নিজৰ নিজৰ ঘৰলৈ উভতি যায়৷ ক’ৰোনাৰ কিছু শাম কটাৰ পিছত পুনৰ তাঁতশালবোৰ চলিবলৈ আৰম্ভ কৰে যদিও আকৌ আৰম্ভ হয় ক’ৰোনাৰ দ্বিতীয় লহৰ৷ ফলত শিল্পটোলৈ পুনৰ বিপর্যয় নামি আহে৷

বর্তমান উৎপাদিত কাপোৰ বজাৰৰ অভাৱত বিক্রী কৰিব নোৱাৰাত তাঁতশালৰ মালিকসকল ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে৷ যাৰ বাবে শিপিনীসকলে উৎপাদন কৰা কাপোৰৰ মজুৰি দিব নোৱাৰা অৱস্থা হৈছে৷ ইফালে, মিনি লকডাউন আৰু আন্তঃজিলা যাতায়াত ব্যৱস্থা ব্যাহত হোৱাত অসমৰ বিভিন্ন জিলাত থকা পাট–মুগাৰ কাপোৰ ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হৈছে৷ বর্তমান বিক্রীৰ অভাৱত উৎপাদিত কাপোৰ নিজৰ ফেক্টৰীতে আবদ্ধ হৈ থকা চিন্তাই জুমুৰি ধৰিছে ব্যৱসাটোৰ লগত জডিতসকলক৷ যাৰ বাবে পানীত হঁাহ নচৰা অৱস্থা হৈছে শিপিনী–যোগালী আৰু ক্ষুদ্র ব্যৱসায়ীসকলৰ৷ বাধ্যত পৰি পৰিয়াল চলাবলৈ শুৱালকুছিৰ বহুত যুৱক–যুৱতী এতিয়া ব্যক্তিগত কোম্পানীৰ আশ্রয় ল’ব লগা হৈছে৷

পূর্বৰ পৰাই বিভিন্ন ঘাত–প্রতিঘাতৰ মাজত মৰো–জীয়োকৈ চলি থকা শুৱালকুছিৰ তাঁতশিল্পই দেশত দেখা দিয়া ক’ৰোনাৰ বাবে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগা হোৱাটো নিশ্চিত৷ যাৰ বাবে শিল্পটোলৈ কঢ়িয়াই আনিছে মুত্যুৰ ভাবুকি৷ অসমৰ অর্থনৈতিক দিশত বিশেষ সকাহ দিয়া আৰু নিবনুৱা সমস্যাৰ কিছু পৰিমাণে হ’লেও সমাধান ঘটোৱা শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বস্ত্রশিল্পক জীয়াই ৰাখিবলৈ হ’লে চৰকাৰে এক গুৰুত্বপূর্ণ ভূমিকা লোৱাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে৷ চৰকাৰৰ সহায় অবিহনে শুৱালকুছিৰ তাঁতশিল্প জীয়াই ৰখাটো বর্তমান সময়ত একেবাৰে অসম্ভৱ হৈ পৰিছে৷ সেয়েহে চৰকাৰে শিল্পটো চিৰযুগমীয়া কৰি ৰাখিবলৈ হ’লে এক দীর্ঘম্যাদী পৰিকল্পনা প্রস্তুত কৰাটো অতীব প্রয়োজন৷ য’ত শিল্পটোৰ লগতে ইয়াৰ লগত জডিত শিপিনী–যোগালীসকলৰ্ ভৱিষ্যৎ সুৰক্ষিত হৈ থাকে৷

You might also like