নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাহাৰৰ ৭১ শতাংশ বাসগৃহ চৰকাৰী ভূমিত

পট্টাৰ পৰা বঞ্চিত মহানগৰীত বসবাস কৰা ৮৫ হাজাৰ পৰিয়াল

নিয়মীয়া বাৰ্তা ১১ জুনঃ গুৱাহাটী মহানগৰীৰ পাহাৰ অঞ্চলত বসবাস কৰা ৭১ শতাংশ লোকেই চৰকাৰী ভূমি দখল কৰি বসবাস কৰি আহিছে৷ মহানগৰীৰ পাহাৰ অঞ্চলত বসবাস কৰা ৩.৬ শতাংশ লোকে ম্যাদী পট্টাৰ ভূমিত বাসগৃহ সাজি বসবাস কৰি আহিছে৷ ১ শতাংশ লোকে মহানগৰীৰ আশেপাশে থকা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি বসবাস কৰি আছে৷ ৭.৩ শতাংশ বাসিন্দাই বেলেগৰ পট্টা থকা মাটিত ঘৰ সাজি বসবাস কৰি আহিছে৷ এ চি নিয়েলচন নামৰ সংস্থাটোৱে গুৱাহাটীৰ ১৬টা পাহাৰত চলোৱা জৰীপত এই তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটী মহানগৰীৰ আশেপাশে থকা ১৬টাকৈ পাহাৰ একাংশ লোকে গছ–গছনি কাটি বাসগৃহ সাজি বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি আহিছে৷

গুৱাহাটীৰ পাহাৰ, জলাশয়, বনাঞ্চলত চলি থকা অবাধ বেদখলৰ তথ্য পোহৰলৈ অহাৰ পিছতে তদানীন্তন কংগ্রেছ চৰকাৰে বন বিভাগৰ সহযোগত উচ্ছেদ অভিযান চলাইছিল৷ তৃতীয়বাৰৰ বাবে তদানীন্তন কংগ্রেছ চৰকাৰ ক্ষমতালৈ আহি উচ্ছেদ চলাইছিল যদিও পাহাৰ আৰু জলাহভূমি দখল কৰি বসবাস কৰি থকা লোকসকলক ভূমি পট্টা প্রদানৰ প্রতিশ্রুতি আছিল নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অন্যতম প্রতিশ্রুতি৷ কিন্তু তদানীন্তন চৰকাৰখনে গুৱাহাটীৰ পাৰিপার্শ্বিক ভাৰসাম্য ঘূৰাই অনাৰ অজুহাতত উচ্ছেদ অভিযান চলালে৷ এই উচ্ছেদ অভিযানৰ পিছতেই তদানীন্তন কংগ্রেছ চৰকাৰখনে পাহাৰীয়া অঞ্চলসমূহত চলোৱা উচ্ছেদ অভিযানৰ আঁৰত কিছুমান ব্যক্তিগত প্রতিষ্ঠানক এনে আৱাসিক অঞ্চলৰ ওচৰে–পাঁজৰে বহুমহলীয়া অট্টালিকা, হোটেল স্থাপন কৰিব বুলি ব্যাপক চর্চা চলিছিল৷

কৃষক মুক্তি সংগ্রাম সমিতিৰ ধাৰাবাহিক আন্দোলনৰ পৰিণতিত ভূমিধৰ বর্মনৰ সমিতিৰ প্রতিবেদন আৰু অনুমোদনৰ ভিত্তিত ২০১৪ চনত পাহাৰ আৰু জলাশয়ত বসবাস কৰা ৬২ হাজাৰ পৰিয়ালক ভূমিপট্টা প্রদানৰ সিদ্ধান্ত লয় চৰকাৰে৷ কিন্তু গুৱাহাটীৰ পাহাৰ আৰু জলাশয় আদিৰ ভূমিত বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি অহা লোকসকলে আজিও ভূমিপট্টাৰ পৰা বঞ্চিত হৈ আছে৷ তথ্য অনুসৰি মহানগৰীৰ আশেপাশে থকা পাহাৰ অঞ্চলত প্রায় ৮৫ হাজাৰ পৰিয়ালে বসবাস কৰি আছে৷ পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলে আজিও ভূমিপট্টাৰ পৰা বঞ্চিত হৈ আছে৷ সেয়েহে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক গুৱাহাটীৰ আশেপাশে থকা পাহাৰ, জলাশয়, চৰকাৰী ভূমিত বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি থকা লোকসকলক ভূমিপট্টা প্রদানৰ চিৰস্থায়ী পদক্ষেপ ল’বলৈ আহ্বান জনাইছে ভূমিপট্টাৰ পৰা বঞ্চিত পৰিয়ালসমূহে৷

You might also like