🔹 ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ
🔹 গুৱাহাটীৰ যান–জঁট নিয়ন্ত্রণ কৰিবলৈ উৰণ সেতুৰ বিকল্প নাই –ড০ শর্মা
🔹 ২০২৪ৰ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব দীঘলীপুখুৰী-বামুণীমৈদাম সংযোগী উৰণ সেতুৰ কাম
বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : গুৱাহাটীৰ যান–জঁট নিয়ন্ত্রণ কৰিবলৈ উৰণ সেতুৰ বিকল্প নাই।–শাৰদীয় দুৰ্গাপূজাৰ শুভ ক্ষণত ৰাজ্যবাসীলৈ উপহাৰ হিচাপে আগবঢ়োৱা আৰ জি বৰুৱা ৰোডত নিৰ্মিত শ্ৰদ্ধাঞ্জলি উৰণ সেতু আজি মুকলি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। ২.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনৰ নিৰ্মাণৰ বাবদ ব্যয় হৈছে ৩১৬ কোটি। উৰণ সেতুখন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিভিন্ন বিষয় সন্দৰ্ভত মন্তব্য কৰে। তেওঁ কয়- শ্ৰদ্ধাঞ্জলি উৰণ সেতুৰ তলত থাকিব পাৰ্কিঙৰ সুবিধা । এই উৰণ সেতুখনে আৰ জি বৰুৱা ৰোডত যান-জঁট নাইকিয়া কৰিব বুলি আশা প্ৰকাশ কৰে। উৰণ সেতুৰ প্ৰয়োজনীয়তা বহুতেই বুজি নাই পোৱা, যাৰ বাবে চৰকাৰক একাংশই সমালোচনা কৰে বুলি তেওঁ কয়। গুৱাহাটী মহানগৰীত কোনো মাষ্টাৰ প্লেন নোহোৱাকৈ ১ লাখ ঘৰ নিৰ্মাণ কৰা হৈছে, যাৰ বাবে বহু জটিলতা আহি পৰাৰ কথাও তেওঁ উল্লেখ কৰে। তদুপৰি তেওঁ কয়- মহানগৰীক বানমুক্ত কৰিবলৈ নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰাখিব লাগিব। কিন্তু সেয়া কৰিবলৈ যাওঁতে পদপথত দোকান দিয়া ব্যৱসায়ীসকলে বেয়া পায়। গুৱাহাটীত মেট্ৰ’ ৰেলৰ সুবিধা কৰাত জটিলতা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- মেট্ৰ’ ষ্টেচন কৰিবলৈ যদি ভূমি অধিগ্ৰহণ কৰা হয় তেন্তে যথেষ্ট অসুবিধা আহি পৰে। অসুবিধাৰ মাজতো গুৱাহাটীক এখন পৰিকল্পিত মহানগৰী হিচাপে সজাব বিচাৰিছোঁ। ভৰলুমুখৰ যান-জঁট হ্ৰাস কৰিবলৈ ২০২৪ৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত ভূতনাথ আৰু মাছখোৱাত ৰ’টাৰী পইণ্ট নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি কয়। তদুপৰি ২০২৪ত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম শেষ হ’ব। আনহাতে, ২০২৪ৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব দীঘলীপুখুৰী-বামুণীমৈদাম সংযোগী উৰণ সেতুৰ কাম। ইয়াৰ উপৰি পাণ্ডুৰ পৰা কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ মাজেৰে হ’ব এক এলিভেটেড কৰিড’ৰ। গুৱাহাটী বিমানবন্দৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈকে ৬ লেনযুক্ত পথ নিৰ্মাণ হ’ব। দীপৰবিলৰ সমীপত এটা ৰ’টাৰী নিৰ্মাণ হ’ব। মহানগৰীৰ বাট-পথ নিৰ্মাণৰ বাবে ৩০০ কোটি টকা অনুমোদন দিয়া হৈছে। গুৱাহাটীৰ ষ্ট্ৰীট লাইটসমূহ স্বয়ংক্ৰিয় কৰিবলৈ ব্যৱস্থা লোৱা হৈছে বুলি কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই। গুৱাহাটীৰ সুৰক্ষাৰ ক্ষেত্ৰত নতুনকৈ সংস্থাপন কৰা হ’ব ২০০০ চি চি টিভি কেমেৰা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- মহানগৰীৰ কলনীসমূহত যেতিয়া পানী হয় তেতিয়া খং উঠাটো স্বাভাৱিক, কিন্তু পানী নিষ্কাশনৰ বাবে আমাক কোনোবাই পৰামৰ্শ দিলে আমি গ্ৰহণ কৰিম।