নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ৮০০ কোটি টকা ব্যয়েৰে নির্মাণ হৈ আছে টুইন টাৱাৰ

🔹 সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই ড০ শর্মাৰ তথ্য
🔹 ইতিমধ্যে ৬০ শতাংশ কাম সম্পূর্ণ হৈছে

বিশেষ বাৰ্তা, ১ মাৰ্চ : এডভাণ্টেজ আছাম ১.০ৰ সময়তে গুৱাহাটীত এক বিশাল বাণিজ্যিক প্রতিষ্ঠান টুইন টাৱাৰ নির্মাণৰ বাবে আৰম্ভ হৈছিল বিশেষ উদ্যোগ৷ পৰৱর্তী সময়ত এই টুইন টাৱাৰৰ নির্মাণৰ কাম থমকি ৰৈছিল৷ এই টুইন টাৱাৰক লৈ পুনৰ আৰম্ভ হৈছে চর্চা তথা বিতর্ক৷ এডভাণ্টেজ আছাম ২.০ৰ সফল সামৰণিৰ সময়তে উত্থাপন হোৱা টুইন টাৱাৰ প্রসংগক লৈ প্রতিক্রিয়া প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাৰ ভাষ্য– টুইন টাৱাৰ নহ’ল বুলি বহুতেই চৰকাৰক প্রশ্ণ কৰিছে, সমালোচনা কৰিছে৷ কিন্তু অসমত যে ৮০০ কোটি টকা ব্যয় কৰি টুইন টাৱাৰ এটা হৈ আছে তাৰ খবৰ কোনে ৰাখিছে? ইয়াৰ কামো ৬০ শতাংশ সম্পূর্ণ হৈছে৷ কোনেও প্রশ্ণ তোলা নাই টুইন টাৱাৰ হ’ল নে নাই, আমি ধৰি লৈছোঁ যে টুইন টাৱাৰ নির্মাণ নহ’লেই৷ ৰাজ্য চৰকাৰে ইণ্টিগ্রেটেড ডাইৰেক্টৰেটৰ যি কমপ্লেক্স নির্মাণ কৰিছে সেয়া টুইন টাৱাৰ লেখীয়া৷ দুটা বিল্ডিং সংযোগ কৰি মাজত ব্রিজ নির্মাণ কৰা হৈছে৷ ইয়াৰ ৬০ শতাংশ কাম সম্পূর্ণ হৈছে৷ তেওঁ পুনৰ কয় যে এডভাণ্টেজ আছামক লৈ কিছুমানে বিতর্ক কৰিব বিচাৰিছে৷ কিন্তু কথাটো হ’ল, এয়া সকলো নির্ভৰ কৰিব আমাৰ ওপৰত৷ ১৫ আগষ্টত ক’ৰবাত এটা বোমা বিস্ফোৰণ হয়, আমি তাৰ পিছত দৌৰিম নে ৰাজ্যখনৰ উন্নয়নৰ কথা চিন্তা কৰিম? আমি যদি আমাৰ ৰাজ্যখনক পিছুৱাই লৈ যাব চেষ্টা কৰোঁ, যদি ৰাজনীতি কৰি এডভাণ্টেজ ১.০ত কি হ’ল আদি প্রশ্ণ তোলোঁ, তেন্তে সেয়া নেতিবাচকেই হৈ থাকিব৷ এডভাণ্টেজ আছাম ২.০ৰ চৰকাৰে উদ্যোগ লোৱা ষ্টার্টআপেৰে ভাৰতীয় সেনা বাহিনীক ড্রোন যোগান ধৰা হৈছে৷ খানাপাৰাত বিনিয়োগ সন্মিলনৰ লগত হোৱা প্রদর্শনীসমূহত অসমীয়া ল’ৰাই কিদৰে ষ্টার্টআপ প্রস্তুত কৰিছে সেয়া লক্ষ্য কৰিলে আমি বুজিম যে আমাৰ যুৱশক্তিয়ে কি ধৰণে আগবাঢ়িছে৷ দুর্যোগ প্রশমনৰ ওপৰত স্পেচিফিক ছেটেলাইট নির্মাণৰ বাবেও চৰকাৰৰ ওচৰত প্রস্তাৱ দিছে অসমীয়া যুৱকে৷ ক’ব নোৱাৰাকৈ আমি যিখন অসম দেখি আছোঁ, সেইখন সঁচা অসম নহয়৷ এখন পৃথক অসমত আমি এতিয়া বাস কৰিছোঁ৷ বাহিৰৰ প্রতিষ্ঠানসমূহে অসমলৈ কিয় আহিছে? তেওঁলোকে অসমৰ পৰিস্থিতি তথা পৰিৱেশৰ কথা অৱগত হৈছে৷ এতিয়া অসমৰ মানুহৰো বহুত পৰিৱর্তন হৈছে আৰু চৰকাৰেও এই পৰিৱর্তনসমূহ বাহিৰত দেখুৱাবলৈ সক্ষম হৈছে৷ এতিয়া আমি যদি সন্মুখলৈ ভাবোঁ, তেন্তে বেংগালুৰু, কলকাতা চাই আমি সপোন দেখিব নালাগে৷ অসমতেই সকলো সম্ভৱ হ’ব অনাগত দিনত৷ এডভাণ্টেজ আছাম ২.০ক লৈ একাংশই কৰা সমালোচনাৰো প্রত্যুত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– এডভাণ্টেজ আছামৰ বিষয়ে ৰাজনৈতিক কাৰণতেই হওক বা আন কাৰণতেই কিছুসংখ্যকে বিতর্ক কৰিব বিচাৰি আছে৷ এনে পদক্ষেপৰ জৰিয়তে অসমে সূচনা কৰিব বিচৰা ঔদ্যোগিক বাতাৱৰণৰ দৰে ইতিবাচক বিষয়টোৰ গুৰুত্ব জনমানসত লাঘৱ কৰিবলৈও চেষ্টা চলাই আছে৷ বিচার্য বিষয়টো হ’ল যে ক্ষেত্র অধ্যয়ন নকৰাকৈ বহু বিষয়ত নিজস্ব মত পোষণ কৰি এইসকল লোকে এক নেতিবাচক ধাৰণা প্রচাৰ কৰিবলৈ বিচাৰিছে৷

You might also like