নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ‘স্বচ্ছতা হি সেৱা’ অভিযানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

বিশেষ বাৰ্তা,  ১ অক্টোবৰ : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ‘স্বচ্ছতা হি সেৱা’ অভিযানৰ নেতৃত্ব দিয়ে। গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত আজি  দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে এক ঘণ্টাৰ স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত পৰিচ্ছন্নতাৰ এই জন আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানত উপস্থিত ৰাইজক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়-  আমি ‘স্বচ্ছতা হি সেৱা’ অভিযানত যোগদান কৰি আমাৰ সমূহীয়া ‘শ্ৰমদান’ কৰাৰ সময়ত এখন ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰতৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। সন্মানীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ স্বচ্ছতাৰ আহ্বানৰ প্ৰতি অসমৰ জনসাধাৰণে জনোৱা অভূতপূর্ব সঁহাৰি প্ৰত্যক্ষ কৰি সঁচাকৈয়ে আনন্দিত হৈছোঁ। আমি মনত ৰাখিব লাগিব যে মহামানৱ মহাত্মা গান্ধীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। আৱৰ্জনামুক্ত আৰু স্বচ্ছ ভাৰতৰ বাবে জন ভাগীদাৰীৰ জৰিয়তে গান্ধীজীৰ সেই অমূল্য বাৰ্তা আজি পুনৰবাৰ প্ৰতিধ্বনিত হৈছে। পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰপৰায়ণতা। মোদীজীৰ এখন স্বচ্ছ ভাৰতৰ শক্তিশালী লক্ষ্যত উপনীত হোৱাৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ আৰু দায়বদ্ধ থাকিব লাগিব বুলিও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ডিব্ৰুগড়ৰ স্থানীয় বিধায়ক প্রশান্ত ফুকন প্ৰমুখ্যে বিভিন্ন নিগম-নিকায়ৰ অধ্যক্ষ, উপাধ্যক্ষ, বিজেপি মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like