নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়ান গেমছত গ’ল্ফত ইতিহাস ভাৰতৰ

বিশেষ বাৰ্তা, ১ অক্টোবৰ : স্বর্ণ পদকৰ আশা সজীৱ কৰিও অৱশেষত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ভাৰতৰ তাৰকা মহিলা গ’ল্ফাৰ অদিতি অশোক৷ প্রায় সমগ্র প্রতিযোগিতাখনত আগবাঢ়ি থাকিও শেষ ৰক্ষা কৰাত ব্যর্থ হয় তেওঁ৷ অৱশ্যে ভাৰতৰ প্রথম মহিলা গ’ল্ফ খেলুৱৈ হিচাপে এছিয়ান গেমছত পদক জয় কৰি ইতিহাস সৃষ্টি কৰিলে অদিতিয়ে৷ তৃতীয় ৰাউণ্ডৰ অন্তত বহুখিনি আগবাঢ়ি আছিল৷ কিন্তু আজি সঠিক শ্বট খেলাত ব্যর্থ হয় তেওঁ৷ এটা সময়ত অদিতিক অতিক্রম কৰে থাইলেণ্ডৰ প্রতিপক্ষগৰাকীয়ে৷ অদিতিয়ে মুঠ ২৬৭টা শ্বট খেলাৰ বিপৰীতে থাইলেণ্ডৰ ই’বোল অর্পিছায়াই ২৬৫টা শ্বট খেলি খেল সমাপ্ত কৰে৷ ফলত স্বর্ণ পদকৰ আশা নির্বাপিত হয় অদিতিৰ৷ ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক জয় কৰি তেওঁ প্রথম ভাৰতীয় হিচাপে অভিলেখ সৃষ্টি কৰে৷ অদিতিতকৈ এটা শ্বটত পিছুৱাই থাকি ব্যক্তিগত বিভাগত ব্রঞ্জৰ পদক দখল কৰে দক্ষিণ কোৰিয়াৰ প্রতিযোগীয়ে৷ ভাৰতৰ অন্য দুই প্রতিযোগীয়েও বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব নোৱাৰিলে৷ প্রণবী শৰতে ত্রয়োদশ স্থান লাভ কৰাৰ বিপৰীতে অৱনী প্রশান্তই শেষ কৰে অষ্টাদশ স্থানত৷ ইয়াৰ প্রভাৱ পৰে দলগত ইভেণ্টতো৷ এটা সময়লৈ প্রথম স্থানত থকা ভাৰতীয় দলটোৱে চতুর্থ স্থানেৰে সামৰণি মাৰে৷ ব্রঞ্জৰ পদক বিজয়ী চীনতকৈ চাৰিটা শ্বট অধিক খেলিবলগীয়া হয় ভাৰতীয় দলটোৱে৷ ৫৪২টা শ্বট খেলি স্বর্ণ পদক অর্জন কৰে থাইলেণ্ডৰ দলটোৱে। আনহাতে, ৫৪৭টা শ্বটেৰে খেল শেষ কৰা দক্ষিণ কোৰিয়াই দলগত ইভেণ্টত অর্জন কৰে ৰূপৰ পদক৷ ইপিনে, ভাৰতৰ হৈ আজি দ্বিতীয়টো পদক অর্জন কৰে দেশৰ মহিলা ক্রীড়াবিদে৷ শ্বুটিঙৰ জৰিয়তে আহে এই ৰূপৰ পদক৷ ট্রেপৰ দলগত ইভেণ্টত দ্বিতীয় স্থানেৰে শেষ কৰে ভাৰতৰ ৰাজেশ্বৰী কুমাৰী, মনীষা কেৰ আৰু প্রীতি ৰজকে৷

You might also like