নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৌৰসভাৰ নলাত পৰি নিহত আৰক্ষী বিষয়াৰ গৃহত মন্ত্ৰী ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : বজালী সদৰ পাঠশালা পৌৰসভাৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা আৰু অকৰ্মণ্যতাৰ ফলতে যোৱা ২৫ ছেপ্টেম্বৰৰ পুৱা এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কৰুণভাৱে মৃত্যুক সাবটি লবলগীয়া ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ উল্লেখ্য যে পাঠশালা পৌৰসভা সমিতিৰ এলেকাধীন পাঠশালা নগৰৰ মাজমজিয়াত কলেজ ৰোডৰ এটি উন্মুক্ত নলাত পৰি শোকাৱহভাৱে মৃত্যুবৰণ কৰা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী ঠাকুৰীয়াৰ মৃত্যু সন্দৰ্ভত বজালী জিলা প্ৰশাসনে ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ এক তদন্তৰ ঘোষণা কৰিছে৷ ইয়াৰ পিছতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰয়াত ঠাকুৰীয়াৰ পাঠশালা নগৰৰ ১ নং ৱাৰ্ডৰ লাচিত নগৰস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰে৷ মন্ত্ৰীগৰাকীয়ে প্ৰয়াত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে৷ উল্লেখ্য যে কেৱল কৰ সংগ্ৰহত অধিক গুৰুত্ব আৰোপ কৰি অহা পাঠশালা পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহে যদিও পাঠশালা পৌৰসভাই স্পৰ্শকাতৰ তথা গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি প্ৰায়েই উদাসীনতা প্ৰদৰ্শন কৰি আহিছে৷ নগৰখনৰ বহু ঠাইত পদপথসমূহ উন্মুক্ত হৈ থকাৰ লগতে বহু সময়ত পদপথসমূহৰ ওপৰতে একাংশ ব্যৱসায়ীয়ে নিজ নিজ দোকানৰ বিভিন্ন বস্তু জমা কৰি থৈ পদপথসমূহ ব্যৱহাৰ কৰি আহিছে যদিও এইবোৰ দেখিও নেদেখাৰ ভাও জুৰি আহিছে পাঠশালা পৌৰসভাই৷ পৌৰসভাই বিভিন্ন সময়ত বিভিন্ন নিয়ম লাগু কৰে যদিও অতি কম দিনৰ ভিতৰতে সেইবোৰ ধোঁৱা চাঙত তুলি থয় বুলি সততে অভিযোগ উত্থাপিত হয়৷ ৰাইজে ইমানদিনে অভিযোগ কৰি অহাৰ পিছতো গা নলৰা পৌৰসভাই এগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছতহে যেন সাৰ পাইছে৷ যাৰ ফলত বিগত এটা বছৰে সমাধান নোহোৱা উন্মুক্ত নলাসমূহ এদিনৰ ভিতৰতে বন্ধ কৰি দিয়ে৷ যোৱা ২৫ ছেপ্টেম্বৰৰ শোকাৱহ ঘটনাটো যে একমাত্ৰ পাঠশালা পৌৰসভাৰ গাফিলতে সংঘটিত হৈছিল, সেই কথা ইতিমধ্যে পাঠশালা পৌৰসভাৰ অভিযন্তা যতীন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত নিৰ্লজ্জভাৱে স্বীকাৰো কৰিছে৷ আনহাতে, তাৎপৰ্যপূৰ্ণভাৱে উক্ত শোকাৱহ ঘটনা সন্দৰ্ভত খোদ বিজেপিৰ নেতৃত্বতে গঠন হোৱা পাঠশালা পৌৰসভাৰ বিৰুদ্ধে বিজেপিৰ বজালী জিলা সমিতিয়ে বজালীৰ অতিৰিক্ত আয়ুক্তক অভিযোগ দাখিল কৰি তদন্তৰ আহ্বান জনাইছিল৷

প্ৰেৰক কল্যাণ কলিতা

You might also like