নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত ডেংগুত ১,০০০ লোকৰ প্রাণহানি

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : বাংলাদেশত ডেংগু জ্বৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দেশখনত বিগত কেইটামান সপ্তাহৰ ভিতৰত কমপক্ষেও এহেজাৰ লোকৰ মৃত্যু হৈছে ডেংগুত৷ দেশখনৰ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, চলিত বর্ষটোত ডেংগুৱে মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ উল্লেখনীয় যে সেমেকা জলবায়ুৰ বাবে ডেংগুৰ সংক্রমণ বৃদ্ধি পাইছে বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ ডেংগুক নিয়ন্ত্রণ কৰিবলৈ দেশখনৰ হাস্পতালসমূহত বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ উল্লেখনীয় যে ডেংগু জ্বৰৰ লক্ষণ হৈছে মূৰৰ বিষ, চর্দি, গাৰ বিষ ইত্যাদি৷ এনে লক্ষণ দেখা দিয়াৰ লগে লগে বহু লোকক তাৎক্ষণিকভাৱে চিকিৎসা প্রদান কৰা হৈছে৷

You might also like