নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোৱাৰীক নিবলৈ আহি আটক মৈৰাবাৰীৰ আবু বক্কৰ

🔹 শুৱালকুছিত লাভ জেহাদ

বিশেষ বার্তা, ৮ জানুৱাৰী : লাভ জেহাদৰে জড়িত মৰিগাঁৱৰ মৈৰাবাৰীৰ বিবাহিত যুৱকক কালি জালুকবাৰীত আটক কৰা হয়৷ বিশ্ব হিন্দু পৰিষদ, শুৱালকুছি প্রখণ্ডৰ প্রচেষ্টাত এগৰাকী বিবাহিত মহিলা লাভ জেহাদৰ কবলৰ পৰা ৰক্ষা পৰে৷ মৰিগাঁৱৰ মৈৰাবাৰী থানাৰ অন্তর্গত লেঙৰীবাৰীৰ দুই সন্তানৰ পিতৃ আবু বক্কৰ চিদ্দিকে (৩৭) ফেচবুকৰ জৰিয়তে শুৱালকুছি থানাৰ অন্তর্গত বংশৰত শিপিনী হিচাপে কর্মৰত দুই সন্তানৰ মাতৃৰ লগত চিনাকি হয়৷ আজি প্রায় ছমাহ কাল দুয়োৰে মাজত টেলিফোনিক মত বিনিময় চলি থাকে৷ ইয়াৰ পিছতে নানান ছলাহী কথাৰে আবু বক্কৰ চিদ্দিকে বিবাহিত মহিলাগৰাকীক নিজৰ কৰি লোৱাৰ প্রচেষ্টাত ব্রতী হয়৷ টেলিফোনেৰে নিজৰ ঘৰলৈ আমন্ত্রণ জনোৱাৰ লগতে বিভিন্ন ভয়–ভাবুকি প্রদান কৰে৷ পিছত শিপিনীগৰাকীয়ে এই সকলো কথা বিশ্ব হিন্দু পৰিষদ, শুৱালকুছি প্রখণ্ডৰ কার্যকর্তাৰ ওচৰত সদৰী কৰে৷ ঘটনাটো অৱগত হোৱাৰ পিছত বিশ্ব হিন্দু পৰিষদৰ এটা দলে শুৱালকুছি থানাৰ আৰক্ষীৰ লগত যোগাযোগ কৰে৷ কালি আবু বক্কৰে মহিলাগৰাকীক নিজৰ ঘৰলৈকে নিয়াৰ বাবে আমন্ত্রণ জনাই জালুকবাৰীলৈ আহিবলৈ দিয়ে৷ মহিলাগৰাকীয়ে এই কথা বিশ্ব হিন্দু পৰিষদক অৱগত কৰে৷ তেওঁলোকে মহিলাগৰাকীক নির্দিষ্ট স্থানলৈকে যাবলৈ দি তেওঁলোকৰো আঠজনীয়া দল এটি অন্য গাডীৰে গৈ নির্দিষ্ট স্থানত উপস্থিত হয়৷ জালুকবাৰীৰ উৰণ সেতুত মহিলাগৰাকীক ৰৈ থকা গাড়ী এখনত উঠাবলৈ লওঁতেই হাতে–লোটে চিদ্দিকক কৰায়ত্ত কৰে৷ পিছত বিশ্ব হিন্দু পৰিষদে দুয়োকে শুৱালকুছি আৰক্ষী থানাত গতাই দিয়ে৷ আৰক্ষীয়ে এই সন্দর্ভত এটি গোচৰ ৰুজু কৰিছে আৰু আবু বক্কৰ চিদ্দিকক গ্রেপ্তাৰ কৰি ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে৷

প্ৰেৰক দিলীপ মেধি

You might also like