আট্টাৰি সীমান্তৰে গোপনে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ
🔹 ৰাষ্ট্রীয় সংবাদ মাধ্যমত মুখ্যমন্ত্রী ড০ শর্মাৰ মহাবিস্ফোৰণ
বিশেষ বাৰ্তা, ৬ এপ্রিল : যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ পাকিস্তান–আইএছআইৰে সম্পর্ক সন্দর্ভত অসম আৰক্ষীৰ এছআইটিয়ে পূর্ণগতিত তদন্ত চলাই আছে৷ দিল্লীকে ধৰি দেশৰ বিভিন্ন প্রান্তলৈ গৈ এছআইটিয়ে ইতিমধ্যে তদন্ত চলাই যথেষ্ট তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্রীয় সংবাদ মাধ্যমত সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পর্ক সন্দর্ভত মহাবিস্ফোৰণ ঘটাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত তোলা অভিযোগ অনুসৰি, গৌৰৱ গগৈয়ে আট্টাৰি সীমান্তৰে পাকিস্তানলৈ গৈছিল৷ বিমানবন্দৰেৰে গ’লে ধৰা পৰিব বুলিয়ে গৌৰৱ গগৈয়ে আট্টাৰি সীমান্তৰে গোপনে পাকিস্তানলৈ গৈছিল৷ আনকি তেওঁ ইছলামাবাদত ১৫ দিন কটাইছিল৷ সেইদৰে সাংসদ গৌৰৱ গগৈৰ পুত্র–কন্যাও ভাৰতীয় নাগৰিক নহয় বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সন্তানৰ ভাৰতীয় নাগৰিকত্ব প্রত্যাহাৰ কৰিবলৈ গৌৰৱ গগৈয়ে চৰকাৰৰ ওচৰত আবেদন পর্যন্ত কৰিছিল৷ মূলতঃ সন্তানক আন দেশৰ নাগৰিকত্ব দিয়াৰ বাবেই সাংসদ গগৈয়ে এই পদক্ষেপ লৈছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণ তথা বৈৰী দেশখনৰে সম্পর্ক সন্দর্ভত এয়া দুই–এটা ইংগিতহে দিয়া হৈছে৷ অনাগত দিনত ইয়াৰ অধিক তথ্য পোহৰলৈ আহিব৷ গৌৰৱ গগৈৰ এনে কার্যকলাপৰ বাবে কংগ্রেছ দল যথেষ্ট সমস্যাত পৰিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই তাৎপর্যপূর্ণ মন্তব্য কৰে৷ মন কৰিবলগীয়া এয়ে যে পাকিস্তানৰে সম্পর্ক ৰক্ষাৰ অভিযোগ উত্থাপিত হোৱা গৌৰৱ গগৈ কেৱল কংগ্রেছ দলৰেই সাংসদ নহয়৷ সম্প্রতি তেওঁ লোকসভাৰ কংগ্রেছ সংসদীয় দলৰ উপ–দলপতিৰ দায়িত্বতো আছে৷ কংগ্রেছৰ দৰে দেশৰ ভিতৰতে আটাইতকৈ পুৰণি দলটোৰ লোকসভাৰ উপ–দলপতিগৰাকীৰ পাকিস্তানৰে সম্পর্কৰ লগতে তেওঁৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ আইএছআইৰে থকা সম্পর্কই কংগ্রেছক অনাগত দিনত যথেষ্ট আহুকালত পেলোৱাৰ সম্ভাৱনা প্রকট বুলিব পাৰি৷