🔹 হৃদয়ৱান লোকৰ প্ৰচেষ্টাত সত্তৰ ঊৰ্ধ্বৰ ব্যক্তিৰ জীৱন ৰক্ষা
নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : কালীপূজা আৰু দেৱালীৰ বতৰত ৰং-বিৰঙৰ চাকিৰ পোহৰ আৰু ফটকা-আতচবাজীৰ শব্দত চৌদিশ আনন্দময় পৰিৱেশৰ মাজতে শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ ঢেঁকীপেলোৱা বঙালী গাঁৱৰ বাসিন্দা পাত্ৰিক মিঞ্জ (৭২) নামৰ এজন লোক হঠাৎ নিজৰ ঘৰৰ পৰাই নিৰুদ্দেশ হয় ৷ ৩০ অক্টোবৰে সন্ধিয়া ৭.৩০ মান বজাত আন্ধাৰৰ মাজত হঠাৎ নাইকিয়া হোৱা পাত্ৰিক মিঞ্জক পত্নী, পুত্ৰ, বোৱাৰী, কন্যা, নাতি-নাতিনী আদি পৰিয়ালৰ লোকে গাঁৱৰ কাৰোবাৰ ঘৰত যোৱা বুলি প্ৰথমে সন্দেহ কৰিছিল ৷ পিছদিনা নিজ গাঁৱৰ উপৰি ওচৰ-পাঁজৰৰ গাঁও, চিনাকি লোক, বংশ-পৰিয়াল সকলোতে খবৰ কৰাৰ পাছতো পৰিয়ালৰ লোকে লোকজনৰ সন্ধান উলিয়াবলৈ সক্ষম নহ’ল ৷ যিমানেই সময় পাৰ হৈ গৈছে, সিমানেই নিৰুদ্দিষ্ট পাত্ৰিক মিঞ্জৰ পৰিয়ালৰ সদস্যসকলৰ মাজত চিন্তা বৃদ্ধি পাবলৈ ধৰে ৷ তৎসত্ত্বেও কিন্তু তেওঁলোকে লোকজনক বিচাৰ খোচাৰ কৰিবলৈ অৱহেলা নকৰিলে ৷ নিৰুদিষ্ট পাত্ৰিক মিঞ্জৰ পত্নী, পুত্ৰ, কন্যা সকলোৱে ভাগে ভাগে চৌদিশে বিছাৰি চলাথ কৰে ৷ ইয়াৰ মাজতে এই প্ৰতিবেদকক নিৰুদিষ্ট পাত্ৰিক মিঞ্জৰ পুত্ৰ পিতৰুছ মিঞ্জে মোবাইলযোগে পিতৃ নিৰুদ্দেশ হোৱাৰ খবৰ দিয়ে ৷ এক নৱেম্বৰত খবৰ লাভ কৰাৰ কিছু সময়ৰ পাছত এই প্ৰতিবেদকে অঞ্চলটোৰ নবিল পথাৰ গাঁৱৰ শিক্ষক চুছেন কন্ধৰ ঘৰত বহি কথা-বতৰাৰ মাজতে নিৰুদ্দিষ্ট লোকজনৰ বিষয় উলিওৱাত তথা তেওঁলোকে যোৱা তিনি দিনৰ ভিতৰত গাঁৱত অচিনাকি মানুহ দেখা পাইছিল নেকি বুলি বিষয়টো উত্থাপন কৰাত তেওঁলোকে লগে লগে জানিবলৈ দিয়ে যে যোৱা বৃহস্পতিবাৰে দোকমোকালিতে শিক্ষকজনৰ ঘৰৰ পৰা কিছু নিলগত এগৰাকী বৃদ্ধক মুৰ্মূষু অৱস্থাত পৰি আছিল বুলি জানিবলৈ দিয়ে ৷ লগতে জনায় যে অচিনাকি বৃদ্ধগৰাকী অচেতন অৱস্থাত পৰি থকা খবৰ লাভ কৰাত গাঁৱৰ ওচৰ-পাঁজৰৰ লোক আৰু গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা ঘটনাস্থলীত উপস্থিত হোৱাত মিছামাৰী থানাৰ আৰক্ষীক খবৰ দিয়াৰ উপৰি ১০৮ সেৱা মাতি পাত্ৰিক মিঞ্জক তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে কেইবাদিন দিনে-নিশাই অনাই-বনাই ঘূৰি ফুৰা বৃদ্ধজন খাবলৈ-শুবলৈ নাপাই একেবাৰে দুৰ্বল হৈ পৰিছিল আৰু মুখৰ মাতকথা সকলো হেৰুৱাই পেলাইছিল ৷ মানৱদৰদী শিক্ষক চুছেন কন্ধ আৰু তেওঁৰ পত্নী বিনু কন্ধে বৰষুণত ভিজি ঠাণ্ডাত কঁপি থকা অচিনাকি ব্যক্তিজনৰ শৰীৰ এখন কম্বলেৰে ঢাকি দিয়াৰ উপৰি লোকজনক পানী খুৱাই কিছু সকাহ দি হাস্পতাললৈ পঠিয়ায় ৷ এই খবৰ লাভ কৰা মাত্ৰকে এই প্ৰতিবেদকে ততাতৈয়াকৈ মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকৰ সৈতে যোগাযোগ কৰাত তেওঁৰ পৰা উক্ত ঘটনাৰ সবিশেষ তথ্য লাভ কৰাৰ উপৰি বৃদ্ধগৰাকীৰ ফটো লাভ কৰিবলৈ সক্ষম হয় ৷ ফটো লাভ কৰা মাত্ৰকে স্বামী, পিতৃৰ চিন্তাত দিন অতিবাহিত কৰা পৰিয়ালবৰ্গক উক্ত ফটো মোবাইলযোগে প্ৰেৰণ কৰাত চিন্তিত পৰিয়ালটোৰ মাজত সকাহ আহে আৰু তেওঁলোক স্থানীয় থানাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ উপৰি তেজপুৰ মেডিকেল কলেজ হাস্পতালত বিচাৰি যায় ৷ চিকিৎসালয়ত গৈ পোৱা মাত্ৰকে ৰোগীৰ বিছনাত নিৰুদ্দিষ্ট পিতৃক তেওঁৰ পুত্ৰসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ নাটকীয় ৰূপত নিৰুদ্দিষ্ট আৰু শৰীৰ অধিক দুৰ্বল হৈ মুৰ্মূষু অৱস্থাত পথৰ কাষত পৰি থকা লোকজন অচিনাকি হ’লেও একাংশ মানৱদৰদী লোকৰ প্ৰচেষ্টাত উদ্ধাৰ আৰু সামৰ্থ্য অনুযায়ী সেৱা-শুস্ৰুষাৰ অন্তত চিকিৎসা ব্যৱস্থাৰ চিন্তা কৰাটো বৰ্তমান সময়ত খুব কমেই দেখিবলৈ পোৱা যায় ৷ তেনে সময়ত নবিল পথাৰ গাঁৱৰ একাংশ মানৱদৰদী লোকৰ প্ৰচেষ্টাত পাত্ৰিক মিঞ্জ নামৰ লোকজনে জীৱন ঘূৰাই পাবলৈ সক্ষম হোৱাটো সৌভাগ্যৰ বিষয় ৷
প্ৰেৰক বগা তপ্ন